খাটোৱালৰ ঘটনাস্থলীত শক্তিমন্ত্ৰী তপন গগৈ : শোকাকুল পৰিৱেশত জানাজা সম্পন্ন

খাটোৱালৰ ঘটনাস্থলীত শক্তিমন্ত্ৰী তপন গগৈ : শোকাকুল পৰিৱেশত জানাজা সম্পন্ন

নগাঁও জিলাৰ জুৰীয়াৰ উত্তৰ খাটোৱালত আজি সংঘটিত শোকাৱহ ঘটনাৰ পাছত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশমৰ্মে শক্তিমন্ত্ৰী তপন গগৈ সন্ধিয়া আহি ঘটনাস্থলীত উপস্থিত হয় ।

স্থানীয় ৰাইজে শক্তিমন্ত্ৰী ঘটনাস্থলীত আহি উপস্থিত নোহোৱা পৰ্যন্ত নিহতসকলৰ জানাজা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে মুখ্য মন্ত্ৰীৰ নিৰ্দেশ পাই অকৰ্মণ্য বিভাগটোৰ মন্ত্ৰী তপন গগৈ ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ ক্ষোভৰ সন্মুখীন হ'বলগা হয় ।

মন্ত্ৰীগৰাকী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে সহস্ৰাধিক উত্তেজিত লোকে শক্তিমন্ত্ৰী মুৰ্দাবাদ, শক্তি বিভাগ হায় হায় আদি ধ্বনিৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে । ৰাইজৰ ক্ষোভৰ সন্মুখীন হৈ তীব্ৰ অস্বস্তিত পৰা মন্ত্ৰী গগৈয়ে ঘটনা সন্দৰ্ভত গভীৰ দুখ প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

ইপিনে, আজিৰ ঘটনা সন্দৰ্ভত শক্তিমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যাক্ত কৰি কয়, 'এই ঘটনাটো অতি দুৰ্ভাগ্যজনক । মই মুখ্য মন্ত্ৰীৰ নিৰ্দেশত উপস্থিত হৈছোঁ আৰু বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে ঘটনাৰ বুজ লৈছোঁ ।

ইতিমধ্যে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰু মৃতকৰ আত্মীয়লৈ ২.৫০ লাখ টকা এককালীন সাহায্য যি ঘোষণা কৰিছে, সেই ধন শীঘ্ৰে মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে ।'

তদুপৰি, স্থানীয় বিধায়ক নুৰুল হুদাই নিহত আৰু আহতসকলক ২০ আৰু ১০ লাখৰ লগতে সংস্থাপনৰ সম্পৰ্কত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত গুৱাহাটীত আলোচনা কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে ।

মন্ত্ৰী গগৈয়ে আজিৰ ঘটনা সংক্ৰান্তত তিনিজন বিষয়া-কৰ্মচাৰীক নিলম্বিত কৰা আৰু তদন্ত কমিটী ইতিমধ্যে গঠন কৰি দিয়া হৈছে । লগতে ১৫ দিনৰ ভিতৰত তদন্ত কমিটীৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

ইয়াৰ পিছতে শক্তিমন্ত্ৰীগৰাকীয়ে মৃত ব্যাক্তিকেইগৰাকীৰ জানাজাত অংশগ্ৰহণ কৰে । এক শোকাকুল পৰিৱেশত সম্পন্ন এই জানাজাত কে'বাসহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে ‌।

উল্লেখ্য, এই বাতৰি যুগুতোৱালৈকে সমগ্ৰ খাটোৱাল অঞ্চলত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ লগতে নগাঁও জিলাখনতে শোকাচ্ছন্ন কৰি ৰাখিছে ।

Your Comments