ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি হ'বলৈ ধৰিছে মৰেল পুলিচগিৰিৰ ঘটনা । ডকমকা কাণ্ডৰ পৰা শিক্ষা নোলোৱা ৰাজ্যত অব্যাহত আছে "মৰেল পুলিচগিৰি" ।
তিনিদিনৰ পিছত পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা । যোৱা ১৮ ছেপ্টেম্বৰৰ দুপৰীয়া গুৱাহাটীৰ হাতীগাঁৱৰ পৰা দুই যুৱকে এ এছ-০১ এইচ্ চি-৯৯৪৫ নম্বৰৰ অ'ল্টো গাড়ীৰে আহিছিল মঙলদৈ থানাৰ অন্তৰ্গত মহলীয়াপাৰালৈ ।
যুৱক দুজন হৈছে বাবু আলী (২৯), চানী ৰাণা (২৪) আৰু গাড়ীচালক সূৰ্য নাথ ৷ পিছে আটাইকে মহলীয়াপাৰাৰ ৰাইজে কৰায়ত্ত কৰে ছাগলী চুৰিৰ অভিযোগত । কৰায়ত্ত কৰাই নহয়, ৰাইজৰ গণৰোষত মুমূৰ্ষু হৈ পৰে তিনি যুৱক ।
উল্লেখ্য যে ঘটনাৰ সময়ত মঙলদৈ থানাৰ আৰক্ষীৰ সন্মুখতে পথাৰৰ পৰা চোঁচৰাই টানি আনিছিল যুৱককেইজনক । উক্ত ঘটনাৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাজ্যত বাৰে বাৰে সংঘটিত ভয়ংকৰ মৰেল পুলিচগিৰি ঘটনাৰ পিছত মহলীয়াপাৰাৰ ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুই যুৱক আৰু গাড়ী চালকক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
যদি মঙলদৈ সদৰ থানাৰ ভাৰপাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা দলে তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম নহ'লহেঁতেন তেতিয়াহ'লে আন এক ডকমকা কাণ্ডৰ সূচনা হ'লহেঁতেন বুলি সচেতন ৰাইজে উল্লেখ কৰেছে ।
ইফালে মঙলদৈ থানাৰ অন্তৰ্গত কাইঠপাৰা গাঁৱৰ অচ্যুৎ ডেকাই দিয়া এজাহাৰত উল্লেখ কৰিছে যে ১৮ ছেপ্টেম্বৰৰ দুপৰীয়া চানি ৰাণা, বাবু আলী আৰু সূৰ্য নাথে তেওঁৰ দুটাকৈ খাহী ছাগলী চুৰি কৰি অল্টো গাড়ীৰে পলায়ন কৰে ।
এই এজাহাৰৰ ভিত্তিতে মঙ্গলদৈ আৰক্ষীয়ে তিনিওজনকে গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে । ইফালে এই ঘটনাক লৈ সমগ্ৰ জিলাখনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দৰং জিলা কৃষক মুক্তিৰ সাধাৰণ সম্পাদক খাইবৰ আলীয়ে এই ঘটনাক গৰিহণা দি কয় যে ছাগলী চোৰে হওক বা দাগী অপৰাধীয়ে হওক, আইন হাতত তুলি লোৱাৰ অধিকাৰ কাৰো নাই ।
আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই বাৰে বাৰে এনে ঘটনা সংঘটিত হ'বলৈ পাৰে বুলি অভিযোগ উথাপন কৰে ।
আনহাতে, যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক হিমাদ্ৰী কুমাৰ শৰ্মাই মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱাৰ অকমৰ্ণ্যতাৰ বাবে এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'বলৈ পালে বুলি কয় ।
এই ক্ষেত্ৰত প্ৰশাসনক সজাগতা বৃদ্ধি কৰিবলৈ দাবী জনায় । আনহাতে, মঙলদৈ নাগৰিক মঞ্চই উক্ত ঘটনাক গৰিহণা দিছে ।
- Log in to post comments
- 9 views