চৰাইদেউ জিলা উন্নয়নৰ সমন্বয় আৰু পৰ্যবেক্ষণ সমিতিৰ সভা সম্পন্ন

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ অধ্যক্ষতাত চৰাইদেউ জিলা উন্নয়নৰ সমন্বয় আৰু পৰ্যবেক্ষণ সমিতিৰ সভাখন আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সম্পন্ন হৈ যায় ।

মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক যোগেন মহন আৰু চৰাইদেউ জিলা উপায়ুক্ত বিবেকানন্দ ফুকনৰ অংশগ্ৰহণেৰে অনুষ্ঠিত আজিৰ সভাখনত সাংসদগৰাকীয়ে জিলাখনৰ সোণাৰি, মাহমৰা আৰু নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত জনস্বাস্থ্য আৰু কাৰিকৰী, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, জলসম্পদ, ভূমি সংৰক্ষণ, কৃষি, পশুপালন,

বন, ৰাজহ, জলসিঞ্চন, ৰেচম, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভিন্ন চৰকাৰী বিভাগৰ অধীনত ইতিমধ্যে সম্পন্ন হোৱা আৰু বৰ্তমান চলি থকা আঁ‌চনি আৰু প্ৰকল্পসমূহৰ তথ্যসহ খতিয়ান লয় ।

Your Comments