যেন মৃত্যুদূত হৈ পৰিছে শক্তি মন্ত্ৰী তপন গগৈৰ বিদ্যুৎ বিভাগ । যাৰ পৰিণতিত আজি ৬জনকৈ লোকৰ প্ৰাণহানি হোৱাৰ এক হৃদয়বিদাৰক ঘটনা সংঘটিত হয় নগাঁও জিলাৰ জুৰীয়াত ।
বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই আজি পুৱা জুৰীয়াৰ সমীপৰ উত্তৰ খাটোৱালত বিদ্যুৎস্পৃষ্ট হৈ একেটা পৰিয়ালৰ শিশুসহ ছয়জনকৈ লোকে কৰুণভাৱে মৃত্যুক আঁকোৱালি ল'বলগা ঘটনাই তীব্ৰ চাঞ্চল্যৰ লগতে প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে ।
সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এই শোকাবহ ঘটনাটো আজি পুৱা স্থানীয় একাংশ লোকৰ চকুৰ সন্মুখতে সংঘটিত হয় । জানিব পৰামতে, আজি পুৱতি নিশা উত্তৰ খাটোৱালৰ এটা পুখুৰীৰ ওপৰেদি যোৱা ১১ হাজাৰ ভ'ল্টৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পানীত পৰে ।
ফলত পানীত বিদ্যুৎ প্ৰৱাহিত হৈ পুখুৰীৰ মাছ মৰি পানীত ওপঙি উঠে । এই দৃশ্য নিৰ্দিষ্ট পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰি স্থানীয় বিদ্যুৎ বিভাগৰ কৰ্মচাৰী ফকৰুল ইছলামাক অৱগত কৰে ।
পিছত বিদ্যুৎ বিভাগৰ ৰূপহীহাটৰ নিয়ন্ত্ৰণ কক্ষই বিদ্যুৎ সেৱা কৰ্তন কৰে । লগতে বিদ্যুৎ বিভাগে ছিগা তাঁৰৰ মেৰামতি কৰাৰ বাবে বিদ্যুৎ কৰ্মচাৰী পঠিয়াই দিয়াৰ কথাও অৱগত কৰে ।
পিছত পৰিয়ালটোৰ লোকে পুখুৰীত ওপঙি থকা মৰা মাছসমূহ ধৰিবলৈ আৰম্ভ কৰে । ইয়াৰে কিছু মাছ ঘৰলৈ লৈ যায় । ইমানলৈকে সকলো ঠিকেই আছিল যদিও পুৱা প্ৰায় ৮.১৫ বজাৰ লগে লগে সংঘটিত হ'ল দুৰ্ভাগ্যজনক ঘটনাটো ।
বিদ্যুৎ বিভাগে উচ্চ ক্ষমতা সম্পন্ন তাঁৰ মেৰামতি কৰাৰ বাবে বিভাগীয় কৰ্মচাৰী ঘটনাস্থলীলৈ অহাৰ পৰিৱৰ্তে হঠাৎ পুনৰ বিদ্যুৎ সংযোগ দিয়াত পুখুৰীটোত মাছ ধৰিবলৈ যোৱা শিশুসহ ছয়জন লোক বিদ্যুৎস্পৃষ্ট হৈ থিতাতে নিহত হোৱাৰ লগতে পুখুৰীপাৰত থকা দুজন যুৱক গুৰুতৰভাৱে আহত হয় ।
নিহত লোককেইজন হ'ল ৰফিকুল ইছলাম (৩০), আছিকুৰ ৰহমান (১০), হবিবুৰ ৰহমান (৪০), ইনামূল ইছলাম (২৫), মইনুল ইছলাম (৪০) আৰু জব্বৰ আলী (৩২) । আনহাতে, বিদ্যুৎস্পৃষ্ট হৈ আহত হোৱা যুৱক দুজন হ'ল আনজাৰুল হক (২০) আৰু ছাহজাহান আলী (২৮) ।
আহত যুৱক দুজনক লগে লগে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । শক্তি বিভাগৰ গাফিলতিৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।
যাৰবাবে ক্ষোভত ফাটি পৰা অঞ্চলটোৰ একাংশ ৰাইজে স্থানীয় বিদ্যুৎকৰ্মী ফকৰুল ইছলামৰ ঘৰ ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে তেওঁৰ ঘৰবাৰী লণ্ড-ভণ্ড কৰাৰ উপৰি তেওঁৰ এখন বাহন ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে ।
খাটোৱালত আজি পুৱা ৮ বজাত সংঘটিত এই হৃদয় বিদাৰক ঘটনাৰ বাবে অঞ্চলজুৰি এক শোকাকুল পৰিস্থিতি বিৰাজ কৰে । ইপিনে, আজি পুৱা প্ৰায় ১০মান বজাত মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰূপহীহাট আৰক্ষীয়ে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ অনাৰ পিছত বহু লোকে চিকিৎসালয় চৌহদত ভিৰ কৰা পৰিলক্ষিত হয় ।
সম্ভাৱ্য অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা প্ৰশাসনে আজি চিকিৎসালয়খনত অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ লোক নিয়োগ কৰে । আনহাতে, চিকিৎসালয়ত আহত যুৱক দুজনৰ স্বাস্থ্যৰ বুজ ল'বৰ বাবে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, জিলা উপায়ুক্ত, ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকৰ লগতে জিলাখনৰ বহু কেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত হয় ।
মন্ত্ৰী কেশৱ মহন্তই চিকিৎসালয়ত ভৰ্তি আহত যুৱক দুজনৰ স্বাস্থ্যৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত তেওঁ কয়- 'ঘটনাটো খুবেই দুৰ্ভাগ্যজনক ।' মন্ত্ৰী মহন্তই ভুক্তভোগী পৰিয়ালৰ লোকসকলৰ উদ্ধৃতিৰে কয় যে শক্তি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ গাফিলতিৰ বাবেই এই ঘটনাটো সংঘটিত হ'বলৈ পালে ।
চৰকাৰৰ ফালৰ পৰা তদন্তক্ৰমে বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে প্ৰতিটো মৃতকৰ পৰিয়ালক ২.৫০ লাখ টকাৰ আৰ্থিক সাহায্য ক্ষতিপূৰণ হিচাপে আগবঢ়াব বুলি ঘোষণা কৰে ।
দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা উপায়ুক্তৰ
আজি পুৱা ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ খাটোৱালত ছয়জনকৈ লোক বিদ্যুৎস্পৃষ্ট হৈ নিহত হোৱা হৃদয় বিদাৰক ঘটনা সন্দৰ্ভত নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে ।
এই তদন্তৰ দায়িত্ব অতিৰিক্ত দণ্ডাধীশ দুলাল দেৱনাথক দিয়া হৈছে বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে তদন্তকাৰী বিষয়াগৰাকীয়ে অতি কম দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব আৰু প্ৰতিবেদন পোৱাৰ পিছত দোষী লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব ।
শক্তি বিভাগৰ ৩ বিষয়া-কৰ্মচাৰীক নিলম্বন
উত্তৰ খাটোৱালত বিদ্যুৎস্পৃষ্ট হৈ ৬জনকৈ লোক নিহত হোৱাৰ লগতে এজন যুৱক গুৰুতৰভাৱে আহত হোৱা ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়ত আজি বিয়লিৰ ভাগত বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষই চামগুৰি উপ-সংমণ্ডলৰ সহকাৰী অভিযন্তা পল্লৱ দাস, কনিষ্ঠ অভিযন্তা দীপক প্ৰধান আৰু লাইনমেন ফকৰুল ইছলামক তৎকালীনভাৱ বলৱৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে ।
শক্তি বিভাগৰ বিৰুদ্ধে খাটোৱালত উত্তাল প্ৰতিবাদ
ঘটনাস্থলীত আজি বিয়লিৰ ভাগত শক্তি বিভাগৰ বিৰুদ্ধে এক প্ৰতিবাদী সভা অনুষ্ঠিত হয় । প্ৰতিবাদী সভাত উত্তেজিত ৰাইজে শক্তি বিভাগ মুৰ্দাবাদ, তপন গগৈ মুৰ্দাবাদ, শক্তি বিভাগ হায় হায় আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।
প্ৰতিবাদী ৰাইজে নিহত পৰিয়ালৰ আত্মীয়ক ২০ লাখ টকা ক্ষতিপূৰণৰ লগতে নিকটাত্মীয়ক চৰকাৰী-সংস্থাপন দিবলৈও দাবী জনায় ।
প্ৰতিবাদী সভাত স্থানীয় বিধায়ক নুৰুল হুদাইও অংশগ্ৰহণ কৰি বিদ্যুৎ বিভাগক তীব্ৰ সমালোচনা কৰে ।
ঘটনাৰ আঁৰত বিদ্যুৎ বিভাগৰ গাফিলতি
উত্তৰ খাটোৱাল অঞ্চলত মাত্ৰ এমাহ পুৰ্বে ১১ হাজাৰ ভ'ল্টৰ বিদ্যুৎ পৰিবাহী লাইন সংযোগ কৰা হৈছিল । জানিব পৰা মতে, ইয়াৰ ঠিকা লাভ কৰিছিল শিক্ষকৰূপী আবুবক্কৰ ছিদ্দিকে ৷
নীতি-নিয়ম অনুসৰি বিদ্যুতৰ তাঁৰ আৰু খুঁটা পোতা নাছিল । সেই কামৰ ক্ষেত্ৰত ঠিকাদাৰে কেতবোৰ অনিয়ম সংঘটিত কৰিছিল । উচ্চ ক্ষমতা সম্পন্ন তাঁৰৰ তলত নেট আৰু খুঁটাৰ তলত ব'ল্ডাৰ পিট্চিং কৰিব লাগে যদিও সেই কাম কৰাৰ বাবে স্থানীয় ৰাইজে দাবী কৰা সত্ত্বেও কৰা নাছিল ।
সমগ্ৰ বিদ্যুৎ সংযোগ ব্যৱস্থাটো অতি বিসংগতিপূৰ্ণ আছিল বুলি অভিযোগ পুৰ্বেই উত্থাপিত হৈছিল । যাৰ পৰিণতিত অতি কম দিনৰ ভিতৰত তাঁৰ ছিগি পৰি এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হ'ল বুলি অভিযোগ উঠিছে ।
- Log in to post comments
- 57 views