দক্ষিণ  অসম  কাৰাটেত নগাঁও  জিলা  শ্ৰেষ্ঠ

দক্ষিণ  অসম  কাৰাটেত নগাঁও  জিলা  শ্ৰেষ্ঠ

কাৰ্বিআংলং জিলাৰ ডিফুত 'উকা'ৰ সপ্তম বাৰ্ষিক দক্ষিণ অসম মণ্ডল আন্তঃজিলা কাৰাটে ১৬ আৰু ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যায় । ডিফুৰ কাছা ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনিত নগাঁও, মৰিগাঁও, কাৰ্বিআংলং আৰু কাছাৰ জিলাৰ মুঠ ৩২৭গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।

প্ৰতিযোগিতাখনিত নগাঁও জিলা দলে ৩৬টা সোণ, ২৬টা ৰূপ আৰু ৪৩টা ব্ৰঞ্জসহ মুঠ ১০৫টা পদকেৰে  শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে । ইপিনে আয়োজক কাৰ্বিআংলং জিলাই ২০টা সোণ, ২৪টা ৰূপ আৰু ৫১টা ব্ৰঞ্জসহ ৯৫টা পদকেৰে দ্বিতীয়  শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে ১৬ ছেপ্টেম্বৰৰ পুৱা প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে মুকলি কৰে কাৰ্বিআংলং কাৰাটে সন্থাৰ সভাপতি প্ৰতাপ চন্দ্ৰ তাৰোৰে । সামৰণী অনুষ্ঠানত কাৰ্বিআংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী  সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথিৰূপে উপস্থিত থাকি বঁটা বিতৰণ কৰে ।

অনুষ্ঠানত কাৰ্বিআংলং ক্ৰীড়া সন্থাৰ সম্পাদক পংকজ  টেৰণ, উকাৰ সাধাৰণ সম্পাদক নগেন বংজাং, কাৰিকৰী সঞ্চালক ৰমেন পাল দাস, প্ৰশিক্ষক ৰাম বাহাদুৰ গুৰুং আদি উপস্থিত থাকে ।

Your Comments