ছাত্ৰ নেতাৰ এনকাউণ্টাৰ, অসমত মুক্ত হত্যাৰ পৰিৱেশৰ উকমুকনি- লুৰীণজ্যোতি গগৈ

A

নিউজ ডেস্ক:

"কীৰ্তি কমল বৰা এনকাউণ্টাৰৰ ঘটনা অসমৰ ভয়াৱহ ভৱিষ্যতৰ আগজাননী।আইনবৰ্হিভূত ভাৱে অসমত চলি থকা এনকাউণ্টাৰৰ ঘটনাই সাংবিধানিক বিধি ব্যৱস্থালৈ সংকট নমাই আনিছে।অসমৰ মুক্ত হত্যা পৰিৱেশৰ এইয়া উকমুকনি"- নগাঁৱৰ ঘটনাক গৰিহণা জনাই এই মন্তৱ্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ।ৰোগীয়া মাতৃৰ ঔষধ ক্ৰয় কৰিবলৈ গৈ নগাঁও আৰক্ষীৰ হাতত গুলীবিদ্ধ হোৱা প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ ঘটনাটো
আৰক্ষীয়ে পৰিকল্পিত ভাৱে সংঘটিত কৰিছে।আইন হাতত তুলি লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আইনৰ শাসনৰ অৱসান ঘটাই এটা জংঘলৰাজ সৃষ্টিৰ উপক্ৰম ঘটোৱা বুলি সভাপতি গৰাকীয়ে লগতে কয়। 

নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা আছু প্ৰাক্তন নেতা গৰাকীৰ গুলিবিদ্ধ ঘটনাই সমগ্ৰ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।এনেধৰণৰ ঘটনা বন্ধ হ’ব লাগিব।কেতিয়াও কোনো কাৰণত এই ধৰণৰ ঘটনা গ্ৰহণ নকৰো বুলি উল্লেখ কৰি লুৰীনে কয়- বিভিন্ন ছাত্ৰ সংগঠন বা প্ৰতিবাদী সত্বা, ডেকা শক্তি ল’ৰা-ছোৱালীৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে ।জাতীয়-জনগোষ্ঠীয় নেতাকর্মী, যুৱক-যুৱতীক টাৰ্গেত কৰিছে আক্ৰমণৰ।আছুৰ কৰ্মকৰ্তাৰ ওপৰত আক্ৰমণ কৰিছে ,জেললৈ প্ৰেৰণ কৰিছে।অসমত গণতান্ত্ৰিক সংগ্রামৰ পৰিৱেশ সত্বাক নিঃশেষ কৰিবৰ কাৰণে চৰকাৰে উঠি-পৰি লাগিছে।মুক্ত হত্যাৰ এটা পৰিৱেশ ৰচনাৰ চিন্তা চৰ্চা কৰিছে'।

আৰক্ষীৰ জংঘলৰাজ বন্ধ হ’ব লাগিব।এইধৰণৰ ঘটনা ৰ প্ৰতিবাদ হ’ব লাগে।অসমত আইনৰ শাসন প্ৰতিষ্ঠা কৰিব লাগে।চৰকাৰক এনে ঘটনাৰ পৃষ্ঠপোষকতা নকৰিবলৈও সকীয়াই দিয়ে এজেপিৰ সভাপতিজনে।

Your Comments