নিউজ ডেস্ক:
নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰত আহত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি।নিশাই নগাওঁ অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে বৰাক লৈ অহা হয় জিএমচিএইচলৈ।
উল্লেখ্য যে, বাওঁভৰিত গুলীবিদ্ধ ছাত্ৰ নেতা গৰাকী কজিএমচিএইচত ভৰ্তি কৰোৱাৰ পাছতে ক'ৰনাত আক্রান্ত বুলি অৱগত কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই।
বৰ্তমান বৰাৰ স্বাস্থ্য সুস্থ বুলিও জানিব দিছে জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাই।
গুৰুত্বপূৰ্ণ কথা এই যে ৰোগীয়া মাতৃৰ ঔষধ আনিবলৈ যোৱাৰ সময়তে ড্ৰাগছৰ সৈতে জড়িত থকাৰ অভিযোগত গুলীয়াই আৰক্ষীয়ে।
- Log in to post comments
- 19 views