কাৰাবন্দী ডি আই জি ৰৌনক আলি হাজৰিকাৰ বিৰুদ্ধে গোচৰ চলোৱাত ৰাষ্ট্ৰপতিৰ অনুমোদন

A

নিউজ ডেস্ক:


নিলম্বিত ডি আই জি ৰৌনক আলি হাজৰিকাৰ বিৰুদ্ধে গোচৰ চলোৱাত ৰাষ্ট্ৰপতিৰ অনুমোদন।মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষক অনুমতি ৰাষ্ট্ৰপতিৰ।

উল্লেখ্য যে ভাৰতীয় আৰক্ষীৰ সেৱা বিষয়া হোৱাৰ বাবে গোচৰ চলোৱাত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ প্ৰয়োজন হয়।হাজৰিকাৰ বিৰুদ্ধে ৬/২০২১ নম্বৰত গোচৰ ৰুজু হৈ আছে।

ইতিমধ্যে হাজৰিকাৰ বিৰুদ্ধে তদন্তৰ প্ৰথমখন অভিযোগনামা দাখিল কৰা হৈছে আদালতত।আনহাতে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ প্ৰতিবেদন  বিশেষ ন্যায়াধীশ আদালতত দাখিল কৰিছে তদাৰকী কোষে।

ৰাষ্ট্ৰপতিয়ে নিলম্বিত ডি আই জি হাজৰিকাৰ বিৰুদ্ধে দুটাকৈ গোচৰ চলোৱাত অনুমোদন দিছে।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা হাজৰিকাৰ জামিন আবেদন নিম্ন আদালতে নাকচ কৰা পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ত তিনিদিন পূৰ্বে সম্পূৰ্ন হৈছে।জামিন ৰায়দান স্থগিত ৰাখিছে ন্যায়ালয়ে।

তাৎপৰ্যপূৰ্ণ কথা এই যে ,আয়বৰ্হিভূত সম্পত্তি আহৰণ, গৃহবিভাগৰ অনুমতি অবিহনে বিদেশ ভ্ৰমণ কৰাৰ গুৰুতৰ অভিযোগত দীৰ্ঘদিনে কাৰাগাৰত বন্দী হৈ আছে হাজৰিকা।

Your Comments