শুকুৰবাৰে ৰাজ্যত ক'ভিডত প্ৰাণ গ'ল ১৫ গৰাকী লোকৰ

A

 

নিউজ ডেস্ক:
 ৰাজ্যত পুনৰ ভয়াৱহ সংক্ৰমণ হৈছে ক’ভিডৰ । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত আক্ৰান্তৰ হাৰ হৈছে ১২.১৩ শতাংশ । উল্লেখ্য যে , শুকুৰবাৰৰ দিনটোত ৰাজ্যখনত ৬,৮৯৭ গৰাকী লোক নতুনকৈ ক'ভিডত ‍আক্ৰান্ত হৈছে । ইয়াৰে ১,৫৬১ গৰাকী গুৱাহাটী মহানগৰীৰ ।শুকুৰবাৰৰ দিনটোত ৰাজ্যত ৫৬,৮৪৯ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হয় । সেই অনুসৰি আক্ৰান্তৰ হাৰ ১২.১৩ শতাংশ । উল্লেখ্য যে শুকুৰবাৰৰ দিনটোত ৰাজ্যত কৰ'ণাত আক্ৰান্ত হৈ ১৫ গৰাকী লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে। গুৰুত্বপূৰ্ণ কথা এই  যে ,আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ সমান্তৰ‍ালকৈ মৃত্যুৰ হাৰ ক্ৰমাৎ চিন্তনীয় ৰূপত বৃদ্ধি পাইছে । ইফালে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰা ক'ভিড পৰিস্থিতিৰ বাবে ইতিমধ্যে পুনৰ ৰাজ্যজুৰি কঠোৰভাৱে ক'ভিড বিধি বলৱৎ কৰা হৈছে ।

Your Comments