DGP কাৰ্যালয়ৰ সন্মুখত কনিষ্টবলৰ লিখিত পৰীক্ষাৰ পৰা বঞ্চিত প্ৰাৰ্থীৰ প্ৰতিবাদ

A

নিউজ ডেস্ক:

গুৱাহাটীৰ উলুবাৰী অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে কনিষ্টবলৰ লিখিত পৰীক্ষাত বঞ্চিত প্ৰাৰ্থীয়ে। অসম আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয় ঘেৰাও কৰি শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ স্বত্বেও লিখিত পৰীক্ষাৰ পৰা বঞ্চিত প্ৰাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। 

প্ৰাৰ্থীৰ অভিযোগ -"ন্যায়সংগত নাই হোৱা লিখিত পৰীক্ষাৰ বাবে বাছনি প্ৰক্ৰিয়া।সমগ্ৰ প্ৰক্ৰিয়াত বিসংগতি থকাৰ অভিযোগ"।

প্ৰতিবাদকাৰী প্ৰাৰ্থীসকলে সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি বিজ্ঞাপনত উল্লেখ থকা মতে ১টা পদৰ বিপৰীতে ৫জনকৈ প্ৰাৰ্থীক লিখিত পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰিব লাগে কিন্তু  দুদিনৰ পূৰ্বে প্ৰকাশ পোৱা তালিকা অনুসৰি ১ টা পদৰ বিপৰীতে ২জন প্ৰাৰ্থীক লিখিত পৰীক্ষাত সুযোগ দিয়া গুৰুতৰ অভিযোগ।দুজনকৈ প্ৰাৰ্থীক যোগ্য বুলি বিবেচনাৰ বাবে বাছনি তালিকা খনত কাট অফ মাৰ্ক বেছি হৈছে।যাৰ বাবে বঞ্চিত হৈছে বহু যোগ্য প্ৰাৰ্থী।

আনহাতে, কৰ্তৃপক্ষক ২৪ ঘন্টাৰ ভিতৰত সমগ্ৰ বিষয়টোৰ সঠিক উত্তৰ দিয়াৰ দাবী জনাই প্ৰাৰ্থী সকলে কয়-যিসকল প্ৰাৰ্থীক লিখিত পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰিছে তেওঁলোকৰ নামসহ তালিকা প্ৰকাশ কৰিব লাগে।

ইফালে সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ ভাৱে হোৱা বুলি উল্লেখ কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।এটা পদৰ বিপৰীতে ৫জনকৈ প্ৰাৰ্থী  বুলি জানিব দি তেওঁ কয়- এজন প্ৰাৰ্থীয়ে এবি -ইউবি দুয়ো পদত নিৰ্বাচিত হোৱা বাবে একাংশ প্ৰাৰ্থী বাদ পৰিছে। 

কাৰ্যালয় ঘেৰাও কৰা প্ৰতিবাদী প্ৰাৰ্থীসকলক আৰক্ষীয়ে আটক কৰি পানবজাৰ থানালৈ লৈ যায়।

Your Comments