নিউজ ডেস্ক:
তোলনীয়া কন্যাক যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগতকাৰাগাৰলৈ প্ৰেৰণ কৰে পদ্মশ্ৰী উদ্ধৱ ভঁৰালীক।১৪ দিনৰ বাবে কাৰাগাৰলৈ নিক্ষেপ ভঁৰালীক।উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিন নাকচ হোৱাৰ পাছত আজি লখিমপুৰ আদালতত আত্মসমৰ্পন কৰে ভঁৰালীয়ে।আত্মসমৰ্পণ কৰা ভঁৰালীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে।উল্লেখ্য যে নৰ্থ লখিমপুৰ থানা ১৩৩২/২১ নম্বৰত ৰুজু হোৱা গোচৰত কাৰাগাৰলৈ যাব লগা হয় পদ্মশ্ৰী ভঁৰালী।
আনহাতে কাৰাগাৰলৈ যোৱাৰ প্ৰাক ক্ষণত বিজ্ঞানী ভঁৰালীয়ে কয়-মই নিকৃষ্ট ষড়যন্ত্ৰ বলি হলো।এতিয়া হাৰিলেও এদিন কিন্তু জয়ী হ’ম। আইনৰ ওপৰত বিশ্বাস ৰাখি মই আত্মসমৰ্পণ কৰিছো'।
কাৰাগাৰৰ বন্ধ কুঠৰীত থকাৰ সময়ত 'যন্ত্ৰ আৰু যন্ত্ৰণা' নামৰ এখন গ্ৰন্থ লিখিব বুলি ভঁৰালীয়ে কয়।অসমৰ বাবে সদায় কাম কৰি যাব বুলিও আবেগিক হৈ তেওঁ কয় ।
গুৰুত্বপূৰ্ণ কথা এই যে ,শিশু কল্যান সমিতিৰ পৰা এগৰাকী নাবালিকা কন্যা তুলি লৈছিল ভঁৰালীয়ে।তাৰ পাছতে নাবালিকা গৰাকীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল তেওঁৰ বিৰুদ্ধে।১৭ডিচেম্বৰত POCSO আইনৰ অধীনত গোচৰ ৰুজু হৈছিল কিন্তু ২৮ ডিচেম্বৰত অন্তৱৰ্তী জামিন লাভ কৰে।
- Log in to post comments
- 22 views