নাবালিকা যৌন নিৰ্যাতনত অভিযুক্ত পদ্মশ্ৰী উদ্ধৱ ভঁৰালী হ'ব নেকি গ্ৰেপ্তাৰ!অগ্ৰিম জামিন নাকচ

A

নিউজ ডেস্ক:

নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত পদ্মশ্ৰী উদ্ধৱ ভঁৰালীৰ অগ্ৰিম জামিন নাকচ।গুৱাহাটী উচ্চ ন্যায়ালয়ে আবেদন নাকচ কৰিছে ভঁৰালীৰ।পূৰ্বে অন্তৱৰ্তী জামিনত আছিল বিজ্ঞানী,ভঁৰালী।

বৃহস্পতিবাৰে ভঁৰালীৰ অগ্ৰিম জামিন নাকচ কৰে আদালতে।

উল্লেখ্য যে  চি জি এম আদালতৰ নিৰ্দেশত যোৱা ১৭ডিচেম্বৰত ৰুজু হৈছিল গোচৰ।২৮ডিচেম্বৰত লাভ কৰিছিল অন্তৱৰ্তী জামিন।

ভাৰতীয় দণ্ডবিধি POCSO আইনৰ অধীনত ভঁৰালীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা  হৈছিল।

নৰ্থ লখিমপুৰ থানা ১৩৩২/২১ নম্বৰৰ ৩৫৪১/৩৭৬(i)/৩৭৬(j)/৩৭৬(k) ধাৰাত গোচৰ ৰুজু হৈছিল।

উল্লেখ্য যে শিশু কল্যান সমিতিৰ পৰা এগৰাকী নাবালিকাক তুলি লৈছিল ভঁৰালীয়ে।

Your Comments