নিউজ ডেস্ক:
হাফলঙত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত ৮ খনকৈ মহাবিদ্যালয়ত বিজ্ঞান শাখা আৰু ২খন মহাবিদ্যালয়ত বাণিজ্যিক শাখা সংযোজন কৰা সিদ্ধান্তক আদৰণি জনাইছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসমে।
আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তক আদৰণি জনোৱা বুলি উল্লেখ কৰে ছাত্ৰ সংগঠনটোৱে।
উল্লেখ্য যে বুধবাৰে ডিমা হাছাওত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত।
- Log in to post comments
- 26 views