বিহাৰৰ পাটনাত ১৫ আৰু ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত পূব মণ্ডল জুনিয়ৰ এথলেটি্কছ প্ৰতিযোগিতাত অসমে মুঠ ৪৫টা পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰতিযোগিতাখনিত অসমে সোণৰ ১৩টা, ৰূপৰ ১৮টা আৰু ব্ৰঞ্জৰ ১৪টা পদক লাভ কৰে ৷ ১৪ ,১৬, ১৮ আৰু ২০ বছৰৰ অনুৰ্ধ্বৰ বিভিন্ন পৰ্যায়ত ল'ৰাৰ শাখাত বিশ্বজিৎ দাস, অক্ষয় বড়ো, বিদ্যুৎ বসুমতাৰী আৰু ধৃতিস্মান গোস্বামী তথা ছোৱালীৰ শাখাত পিংকী ব্ৰহ্ম, অম্বিকা নাৰ্জাৰী, প্ৰেৰণা দেৱী আৰু নৱনীতা চেতিয়াই পদক লাভ কৰিবলৈ সক্ষম হয় ৷ প্ৰতিযোগিতাত অসমৰ ৰিম্পী বুঢ়াগোহাঁই শ্ৰেষ্ঠ এথলীট ৰূপে বিবেচিত হয় ৷ উল্লেখ্য যে অসমৰ দলটিত প্ৰশিক্ষকৰূপে গোবিন্দ মালাকাৰ আৰু প্ৰসেনজিৎ দাস তথা মেনেজাৰৰূপে জেহেৰুল ইছলাম আছিল ৷
- Log in to post comments
- 11 views