নিজৰ জন্মদিনৰ দিনা নিজে লিখা পুথি উন্মোচন কৰিলে নাজিৰাৰ কণমানি জিকমিকে

A

B

নিউজ ডেস্ক:
নাজিৰাৰ এগৰাকী কণমানি ছোৱালী ।নাম সুগন্ধি উৰুলি ।মৰমতে সকলোৱে জিকমিক বুলি মাতে ।লেখিকা অসমী গগৈ বৰুৱা আৰু বিজয় লাল বৰুৱাৰ কন্যা সুগন্ধি উৰুলি বৰুৱাই নিজৰ দহ বছৰীয়া জন্মদিনত নিজে লিখা 'চিক্কি ,পিল্লু আৰু মই ' নামৰ শিশু গ্ৰন্হ খন উন্মোচন কৰি উলিয়ায় ।
উল্লেখ্য যে ,মাকে কিতাপ লিখা দেখি জিকমিকেও অনুপ্ৰাণিত হৈ নিজে লিখা এখন কিতাপ প্ৰকাশ কৰাৰ কথা ভাবি মাকক কয় ৷ আৰু সেই মতেই জিকমিকে লিখিবলৈ আৰম্ভ কৰে এখনি গ্ৰন্থ। আৰু সেই গ্ৰন্থখনে জন্মদিনৰ দিনা  আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷ নাজিৰাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি, অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে গ্ৰন্থখন উন্মোচন কৰি জিকমিকৰ সপোন বাস্তবায়িত কৰে ।

Your Comments