বঙাইগাঁও স্পৰ্টছ একাডেমীৰ দুজনকৈ ফুটবল খেলুৱৈয়ে কলকাতাৰ বিধান নগৰ পৌৰসভা একাডেমীত স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে একাডেমীৰ কৰ্মকৰ্তাসকলৰ লগতে প্ৰশিক্ষক ৷ এই সন্দৰ্ভত বঙাইগাঁও মিনি ষ্টেডিয়াম প্ৰাংগণত আয়োজিত এক সংবাদমেলত স্পৰ্টছ একাডেমীৰ সম্পাদক সঞ্জীৱ ৰায়ে কয় যে একাডেমীৰ ধ্ৰুৱজ্যোতি নাৰ্জাৰী আৰু বিশাল নাৰ্জাৰীয়ে কলকাতাৰ বিধান নগৰ পৌৰসভা একাডেমীৰ হৈ খেলিবলৈ সুবিধা লাভ কৰিছে ৷ খেলুৱৈ দুজনে ১৮ বছৰ অনুৰ্ধৰ ইয়ুথ লীগত বিধান নগৰ পৌৰসভা একাডেমীৰ হৈ খেলিব ৷
এবছৰৰ বাবে খেলুৱৈ দুজন একাডেমীৰ লগত চুক্তিবদ্ধ হৈছে বুলিও জানিব দিয়ে ৷ সংবাদমেলত সম্পাদকগৰাকীয়ে উল্লেখ কৰা মতে বহু কষ্টৰে বিগত ২০১৫ চনত বঙাইগাঁও স্পৰ্টছ একাডেমীখন গঠন কৰা হৈছিল ৷ এই একাডেমীত বিভিন্ন ধৰণৰ খেল অন্তৰ্ভুক্ত কৰা হৈছে আৰু প্ৰশিক্ষণ প্ৰদান কৰি সুদক্ষ খেলুৱৈ গঢ়ি তুলিবলৈ যত্ন কৰি অহা হৈছে ৷ কিন্তু সীমিত সা-সুবিধা আৰু আৰ্থিক দিশত যথেষ্ট অসুবিধাই দেখা দিছে ৷
তাৰ মাজতো হকী, ফুটবল, ফুটচল, থ্ৰ'বল, এথ্লেটিক্স আৰু চাইকেলিঙৰ প্ৰশিক্ষণ প্ৰদান কৰি অহা হৈছে আৰু একাডেমীৰ খেলুৱৈয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ একাডেমীৰ পৰাই জিলা পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্লাব লীগৰ হৈ খেলিবলৈ যায় খেলুৱৈ ৷ হকীত স্পৰ্টছ অথৰেটি অৱ ইণ্ডিয়াত একাডেমীৰ পৰা স্থান লাভ কৰা এগৰাকী মহিলা খেলুৱৈ আছে ৷
খেলুৱৈগৰাকীয়ে চাব জুনিয়ৰ আৰু জুনিয়ৰ শাখাত ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছে আৰু অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছে বুলিও কয় ৷ আনহাতে ফুটবলত একাডেমীৰ খেলুৱৈয়ে জিলা ভিত্তিত প্ৰতিনিধিত্ব কৰিছে ৷ আনকি জিলা পৰ্যায়ত বঙাইগাঁও জিলা দলৰ হৈ ১৭ বছৰ অনুৰ্ধ ইন্টাৰ ক্লাব ফুটবলত পশ্চিমবংগত খেলিবলৈ গৈ ট্ৰফী বিজয় কৰি আহিছে ৷ ১৭ বছৰ অনুৰ্ধ শাখাতো অংশ লৈছে একাডেমীৰ খেলুৱৈয়ে ৷ সেইদৰে থ্ৰ' বলতো আন্তঃ জিলা পৰ্যায়ত অংশ লৈ একাডেমীৰ খেলুৱৈয়ে বেষ্ট ডিচিপিলিন বঁটা পোৱা বুলি কয় ৷ সেয়ে উন্নত খেল পথাৰৰ লগতে পৰ্যাপ্ত সা-সুবিধা উপলব্ধ হ'লে আৰু ভাল খেলুৱৈ সৃষ্টি হ'ব বুলিও আশা প্ৰকাশ কৰে ৷
সংবাদমেলত বিধান নগৰ পৌৰসভা একাডেমীলৈ নিৰ্বাচিত হোৱা খেলুৱৈ দুগৰাকীৰ লগতে একাডেমীৰ সাংগঠনিক সম্পাদক ৰূপক বৰুৱা, সহকাৰী সম্পাদক ফুকন মুছাহাৰী, বিত্ত সম্পাদক পীয়ুষ শৰ্মা আদিও উপস্থিত আছিল ৷
- Log in to post comments
- 66 views