ডিব্ৰুগড়ত মাতৃ আৰু শিশু সেৱা ভৱন উদ্বোধন মুখ্য মন্ত্ৰীৰ

bbbb

কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাতৃ আৰু শিশু সেৱা চিকিৎসালয়ৰ ভৱন উদ্বোধন, চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয় আৰু ১৯ কিলো মিটাৰ দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণৰ আধাৰ শিলা স্থাপন কৰে । আজি অসম চিকিৎসা মহাবিদ্যালয়ৰ ডঃ জন বেৰী হোৱাইট প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আটাইকেইটা কাৰ্যসূচীৰ আধাৰশিলা আৰু উ্দ্বোধন কৰে । 

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু গড়কাপ্তানি বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিহাসপ্ৰসিদ্ধ অসম চিকিৎসা মহাবিদ্যালয়ৰ মর্যাদা অক্ষুন্ন ৰাখিবলৈ আহ্বান জনাইছে । চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ অপৰিস্কাৰ পৰিৱেশক লৈ উদ্বেগ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী সোণোৱালে ঐতিহ্যমণ্ডিত চিকিৎসা মহাবিদ্যালয়খনত পৰিস্কাৰ-পৰিচ্ছন্নতাৰে ৰখাৰ দায়িত্ব সকলোৰে আছে বুলি মন্তব্য কৰে । তেওঁ আৰু কয় যে মুখ্যমন্ত্ৰী সোণোৱালে অসমক আদৰ্শ ৰাজ্য হিচাৱে প্ৰতিষ্ঠা কৰিবলৈ হ'লে অসমখনক আগুৱাই নিব লাগিব বুলি ভাষণত উল্লেখ কৰে । 

aa

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে, ৰাজ্যত আঞ্চলিক দন্ত চিকিৎসালয়ৰ বাদে চিকিৎসা মহাবিদ্যালয়ৰ অভাৱত বহু ছাত্ৰ-ছাত্ৰীয়ে বাহিৰত পঢ়িবলৈ যাবলগীয়া হয় । তদুপৰি দন্ত চিকিৎসা বিভাগটো যিধৰনে আগবাঢ়ি যাব লাগিছিল সেইধৰনে হোৱা নাই বুলি উল্লেখ কৰি আমাৰ চৰকাৰৰ মাত্ৰ দুটা বছৰত শিলচৰ আৰু ডিব্রুগড়ত দন্ত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিবলৈ সক্ষম হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । 

ইপিনে অসম চৰকাৰৰ ৰাজ্যিক স্বঅধিকাৰ উন্নীতকৰণ শিতানৰ অধীনত ডিব্ৰুগড়ৰ পৰা বৰবৰুৱালৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰনিৰ্মাণ কামৰ আঁচনিখনৰ সন্দৰ্ভত ডঃ শৰ্মাই কয় যে, আজি ৰাতিৰ পৰা পথ নিৰ্মাণৰ কাম আৰম্ভ কৰি মাৰ্চ মাহৰ ৩১ তাৰিখে সম্পন্ন কৰাৰ পিছত এপ্ৰিল মাহৰ পহিলা দিনটোত ৰাইজৰ বাবে মুকলি কৰা হ'ব‌ । ১৯.৫৪ কিলোমিটাৰ দৈৰ্ঘৰ পথটোৰ বাবে ৩২.২৯ কোটি টকা আৱণ্টন দিয়া হৈছে ।

 

আনহাতে দুটা মাহৰ ভিতৰত তিনিখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰিব বুলি ডঃ শৰ্মাই ভাষণত উল্লেখ কৰি ইতিমধ্যে ১০০০ কোটি টকা মঞ্জুৰ কৰা বুলি মন্তব্য কৰে । তদুপৰি ৰাজ্যত ৫ খন ইঞ্জীনিয়াৰিং কলেজ, ২২ খন পলিটেকনিক কলেজ স্থাপনৰ কথাও পোষকতা কৰে । 

অনুষ্ঠানত সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, চক্ৰধৰ গগৈ, বিমল বৰুৱা, বিনোদ হাজৰিকা, টেৰছ গোৱালা, সঞ্জয় কিষাণ, অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সচিৱ সমীৰ সিন্‌হা, উপায়ুক্ত লয়া মাদ্দুৰীকে ধৰি ভালে সংখ্যক বিষয়াই উপস্থিত থাকে ।

Your Comments