বিজয় মালিয়াৰ সৈতে বিজেপি চৰকাৰৰ মিতিৰালিৰ বিৰুদ্ধে মাজুলীত কংগ্ৰেছৰ প্ৰতিবাদ

বিজয় মালিয়াৰ সৈতে বিজেপি চৰকাৰৰ মিতিৰালিৰ বিৰুদ্ধে মাজুলীত কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰায় ১২ হেজাৰ টকা ঋণ লৈ বিদেশীলৈ পলাই যোৱা বিজয় মালিয়া আৰু বিজেপি চৰকাৰৰ লগত থকা গোপন বুজাবুজি তথা গ্ৰেপ্তাৰ নকৰাৰ বিৰুদ্ধে আজি যুৱ কংগ্ৰেছে মাজুলীৰ জেংৰাইমুখত বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰধানমন্ত্ৰী, বিত্তমন্ত্ৰীৰ প্ৰতিমূৰ্ত্তি দাহ  কৰে ৷ পুৱা ১০ বজাৰ লগে লগে মাজুলীৰ বিভিন্ন অঞ্চলৰ পৰা অহা কংগ্ৰেছৰ কৰ্মীসকলে জেংৰাইমুখৰ ৰাজীৱ ভৱনত সমবেত হৈ ইয়াৰ পৰা হাতে হাতে প্লে’কাৰ্ড লৈ সমদল কৰি আহি জেংৰাইমুখ তিনিআলিত প্ৰতিবাদমুখৰ হৈ পৰে ৷

cor

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিত্তমন্ত্ৰী অৰুণ জেটলিৰ প্ৰতিমূৰ্ত্তি দাহ কৰা কাৰ্যসূচী বিফল কৰাৰ বাবে আৰক্ষী-প্ৰশাসনে চেষ্টা কৰে যদিও এই চেষ্টা বিফল কৰি সফল কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ কৰ্মীসকলে । ইয়াৰ পিছত কংগ্ৰেছ আৰু আৰক্ষী প্ৰশাসনৰ মাজত ঠেলা-হেঁচা হয় ৷ এই ঠেলা-হেঁচা ঘটনাত আৰক্ষী বিষয়াসহ ৫ গৰাকী কংগ্ৰেছকৰ্মী আহত হয় । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে  এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰাক্তন জলসম্পদ মন্ত্ৰী ৰাজীৱ লোচন পেগুসহ প্ৰায় ৭০ গৰাকীলোকক জেংৰাইমুখ আৰক্ষী থানাত গ্ৰেপ্তাৰ কৰি নিয়ন্ত্ৰণৰ চেষ্টা কৰে ।

Your Comments