নম্বৰমুখী শিক্ষা

Marks

- গৌৰীশংকৰ দাস


শিৰোনামাটো দেখি হয়তো চিনেমাৰ ৰিল ঘূৰাদি ঢেৰ কথা আপোনাৰ চকুৰ আগেদি চাঁৎকৈ ঘূৰি যাব পাৰে, হয়তো ঋণাত্মক চিন্তাই মনলৈ আহিব পাৰে অথবা পোনচাটেই বিষয়টোৰপৰা আঁতৰি যাবলৈ আপোনাৰ মন যাব পাৰে, তথাপিও বিষয়টো বিবেচনীয় বুলি মোৰ ভাৱ হয় ৷ বৰ বেছি অৱতাৰণাৰে আপোনাক বিৰক্ত নকৰি সংক্ষেপে ইয়াকে জনাই মূল কথালৈ যাওঁ ব’লক ৷

আমাৰ ইয়াত মেট্ৰিক বা হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ বতৰত দুটা কথা দেশৰ আকাশে-বতাহে, ঘৰে-বজাৰে বৰকৈ উফৰি ফুৰে, সেয়া হৈছে “ভাল নম্বৰ” আৰু “ঘৰুৱা শিক্ষক” ৷ কোনজনী/কোনজন “ভাল ফলাফল” দেখুৱাব পৰা পৰীক্ষাৰ্থীয়ে কোনটো বিষয়ত বা কোনকেইটা বিষয়ত ঘৰুৱা শিক্ষকৰ সহায় লৈছিল আৰু ভাল নম্বৰ লাভ কৰিছে সেইটো কথা আমাৰ বাতৰি সংগ্ৰহকাৰী লোকসকলে বৰ উছাহেৰে সোধে আৰু কেমেৰাৰ আগত “ভালকৈ উত্তীৰ্ণ হোৱা” পৰীক্ষাৰ্থীসকলেও দুগুণ উছাহেৰে কয় যে - দুটা বিষয়ত বা চাৰিটা বিষয়ত লৈছিলোঁ ; আকৌ কাৰোবাৰ কেউটা বিষয়তেই থাকে ঘৰুৱা শিক্ষক ! তাৰ লগে লগে পৰীক্ষাৰ্থী সকলে কেমেৰাৰ সমুখত তেওঁলোকৰ নিজ নিজ ঘৰুৱা শিক্ষকসকলক ধন্যবাদ একোটা দিবলৈ নাপাহৰে ৷ কৃতজ্ঞতা প্ৰকাশ কৰাটো ভাল কথা, পিছে এইখিনিলৈকে যোৱাৰ পিছত যেতিয়া একোজন অত্যুৎসাহী ছাত্ৰ বা ছাত্ৰীয়ে “মোৰ ফলাফলৰ বাবে স্কুলৰ শিক্ষকসকলৰ লগতে মোৰ ঘৰুৱা শিক্ষক মণ্ডলীকো ধন্যবাদ জনাইছোঁ”, বুলি কয়, তেতিয়া বিষয়টোৰ ওপৰত চিন্তা নকৰাকৈ বা প্ৰশ্ন নকৰাকৈ এৰি থৈ যাব নোৱাৰি ৷

একেবাৰে প্ৰাথমিক ধাৰণাৰে আৰম্ভ কৰি যৌক্তিক কথা দুটামান চিন্তা কৰি চাওঁ আহকচোন ৷ আমি সকলোৱেই জানোঁ যে আমাৰ দেশত এটা শিক্ষা বিভাগ আছে, বিভাগৰ দায়িত্বত এজন মন্ত্ৰীক আমি নিৰ্বাচিত কৰি দিছপুৰত বহুৱাইছোঁ, তেখেতৰ অধীনত অজস্ৰ কৰ্মচাৰী আছে আৰু শৃংখলাকাৰে আহি একেবাৰে তৃণমূল পৰ্যায়ত কাম কৰি আছে শিক্ষক সকলে ৷ অৰ্থাৎ শিক্ষাৰ্থী সকলৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ থাকে শিক্ষকসকল ৷ কাজেই ইমান সূচাৰুৰূপে চলি থকা, সুনিৰ্দিষ্ট একোটা কাৰ্যপ্ৰণালী থকা শিক্ষা ব্যৱস্থা এটা বৰ্তি থকাৰ পিছতো, শিক্ষাৰ্থী সকলে স্কুলত শিক্ষাগ্ৰহণ কৰি উঠি ঘৰলৈ গৈ পুনৰায় ঘৰুৱা শিক্ষকৰ সহায় লৈ পাঠসমূহ খৰচি মাৰি বুজিব লগা হৈছে কিয় ? এই “কিয়”টোৰ উত্তৰ বিছাৰিলে আমি খেলিমেলি লগাব পৰাকৈ কেইবাখনো ছবি দেখা পাওঁ ৷

দুটামান উদাহৰণেৰে সৈতে চাওঁ আহকচোন ৷ উদাহৰণসমূহ বাস্তৱ সমাজৰপৰা তুলি অনা হৈছে ৷ 

(১) “ল’ৰাটোক ঘৰুৱা শিক্ষক দৰকাৰ হয়” - এই কথাষাৰ আমি যদি logic & reasoning অৰ সহায়েৰে ফঁহিয়াই চাওঁ তেতিয়া দেখিম যে, তাৰ কেইবাটাও কাৰণ থাকিব পাৰে ৷ পোনটে ভাৱিব পাৰি যে স্কুলত শিকি ল’ৰাটোৰ খৰচি নমৰে বাবে তাক ঘৰুৱা শিক্ষকৰ দৰকাৰ হয় ৷ তাৰমানে চমুকৈ ক’বলৈ গ’লে স্কুলত পাঠদান ভালকৈ নহয় ৷ স্কুলত পাঠদান ভালকৈ নহয় বুলিলে কিছুমান আপত্তিজনক কথা যৌক্তিকভাৱে আহি পৰে যেনে - হয়তো চৰকাৰী স্কুলৰ শিক্ষক সকলে গুণগত শিক্ষা প্ৰদান কৰিব পৰা নাই বা ছাত্ৰৰ মানসিক ভোক গুচাব পৰা শিক্ষা দিব পৰাকৈ শিক্ষক সকল কৌশলী নহয় বা স্কুলৰ সময়খিনিত সম্পূৰ্ণ চিলেবাচখন খৰচি মাৰি শেষ কৰিব পৰাকৈ যথেষ্ট সময় হাতত নাথাকে বা ছাত্ৰই স্কুলত শিকাতকৈ ঘৰত বহি শিকি বেছি ভাল পায় বা সকলো ছাত্ৰৰে IQ level একেই নোহোৱাৰ কাৰণে শিক্ষকজনৰ একেটা লেকচাৰেই সকলোৰে বাবে সুবিধাজনক নহয় ৷ 
ইয়াৰে কোনটো বা কোনকেইটা কাৰণ খাপ খাব মই নাজানোঁ কিন্তু এইসমূহ সম্ভাৱনীয় কাৰণ হোৱাৰ আশংকা নুই কৰিব পৰা নাযায় ৷ আৰু এইসমূহ যদি সম্ভাৱনীয় কাৰণ নহয়েই তেনেহ’লে স্কুল আৰু শিক্ষক থকাৰ পাছতো ওপৰঞ্চিকৈ ঘৰুৱা শিক্ষকৰ প্ৰয়োজন কি ? 

(২) “ঘৰুৱা শিক্ষক ৰখাটো আজিকালি একপ্ৰকাৰৰ ফেশ্যন” - এইটো সততে শুনি থকা এটা উপৰুৱা মন্তব্য বুলি কৈ দায় সাৰিব পাৰি যদিও হয়তো এনেকুৱাও হ’ব পাৰে যে - কৈশোৰ কালত উপনীত হোৱা ছাত্ৰী-ছাত্ৰ সকলে দেখাক দেখি নিজৰ Ego satisfy কৰিবৰ বাবে ঘৰুৱা শিক্ষকৰ সহায় লৈ শিকি ভাল পায়। তাৰ মাজতো কোনে কিমান দামী ঘৰুৱা শিক্ষকৰ সহায় লৈছে সেইটো গৰ্বেৰে কৈ ভাল পোৱা লোককো মই নিজেই লগ পাইছোঁ ৷ এইধৰণৰ মনোভাৱবোৰো এক প্ৰকাৰৰ প্ৰদৰ্শনকামী মনোভাৱৰ ভিতৰতেই পৰে ৷ এইটোও একেবাৰেই নুই কৰিব পৰা নাযায় বোধকৰোঁ ৷ 

(৩) বিশ্বায়নৰ এই যুগত গঢ় লৈ উঠা “নম্বৰমুখী প্ৰৱনতা” -  আমাৰ দেশৰ শিক্ষা ব্যৱস্থাটো এতিয়া স্পষ্টকৈ নম্বৰমুখী হৈ পৰিল ৷ পৰীক্ষাৰ ফলাফলত কোনে কিমান বেছি নম্বৰ গোটাব পাৰে এতিয়া তাৰ বাবে চলে অঘোষিত যুদ্ধকালীন প্ৰতিযোগিতা। যেন দুই নম্বৰ কমি গ’লে বৰ সাংঘাতিক কিবা এটা ঘটি যাব ! 
ওপৰৰ আলোচনাৰ পাছত এতিয়া এইটো কথা আলোচনাৰ খাতিৰত মানি ল’ব পাৰি যে স্কুলৰ শিক্ষাৰে নম্বৰৰ দৌৰত আগস্থান লাভ কৰাটো প্ৰায় অসম্ভৱ( ১ নং পইণ্টত তাৰ বিষয়ে উনুকিওৱা হৈছে) সেয়ে শিক্ষাৰ মানদণ্ড নিম্ন পৰ্যায়ৰেই কিয় নহওক লাগে, নম্বৰ গোটোৱাৰ দৌৰখনত জিকিবৰ বাবে হ’লেও ঘৰুৱা শিক্ষক এজন  নোহোৱাকৈ পাৰিনে ছাগৈ ? গতিকে এইবোৰৰ ধামখুমীয়াত ঘৰুৱা শিক্ষকৰ বজাৰ জয়জয়-ময়ময় হ’বই ৷ আনহাতে চলিত শিক্ষা ব্যৱস্থাটো নম্বৰমুখী শিক্ষা ব্যৱস্থা নহয়েই যদি সাহিত্যৰ দৰে বিষয় এটাত, যিটোত সৃষ্টিশীলতাৰ কোনো সীমাৰেখা নাই, যিটোত পৰীক্ষাৰ্থী এগৰাকীক Access কৰিবলৈ সকলোতকৈ কঠিন, তাতো ১০০% নম্বৰ দিব পৰাকৈ SEBA আৰু AHSEC এ Guidelines তৈয়াৰ কৰিব পাৰেনে ? তেনেহ’লে শিক্ষা ব্যৱস্থাটো কেৱল আৰু কেৱল নম্বৰমুখী নহয় যদি কি ? এই বিষয়টো বিজ্ঞসকললৈ এৰিলোঁ ৷ 

(৪) আনহাতেদি কিছুমান অভিভাৱকৰ অতি উচ্চাকাংক্ষাৰ বাবেও সন্তানৰ ওপৰত “ভাল ৰিজাল্ট কৰিবই লাগিব” বুলি একোটা বোজা জাপি দিয়াৰ উদাহৰণ তাকৰীয়া নহয়। সন্তানৰ মাৰ্কশ্বিটৰ নম্বৰৰ মোটা অংকেৰে সমাজৰ আগত বুকু ফিন্দাই ঘূৰি-ফুৰিব খোজা এক শ্ৰেণীৰ অভিভাৱকৰ বাবেটো ঘৰুৱা শিক্ষক এজন কণাৰ লাখুটি সদৃশ ৷ লাগিলে তেওঁলোকৰ সন্তানটি আন কিবা ক্ষেত্ৰত Extremely talented কিয় নহওক, সেয়া বিছাৰি উলিওৱাতকৈ ধ্বংস কৰাতহে বৰকৈ উঠিপৰি লাগে এই শ্ৰেণীৰ প্ৰদৰ্শনকামীতাৰ বশৱৰ্তী অভিভাৱক সকলে ৷ ঘৰুৱা শিক্ষকৰ বজাৰৰ এইসকল অন্যতম ক্ৰেতা ৷ শিক্ষা ব্যৱস্থাটোক পণ্য উদ্দ্যোগলৈ পৰিণত কৰাত এইসকল লোকৰ অৱদান অপৰিসীম ৷ শিক্ষাৰ এইখন বজাৰত দৰিদ্ৰ ঘৰৰ শিক্ষাৰ্থী সকলৰ শৈক্ষিক মানদণ্ড কি পৰ্যায়ৰ হোৱাতো এইসকল লোকে কামনা কৰে সেইটোও চিন্তনীয় ৷ 

বিছাৰিলে এনেকুৱা কাৰণ আৰু বহুতো ওলাব । সিমানলৈ নৈ অকনমান চমু কৰি এনেদৰে ক’ব পাৰি যে - বৰ্তমান সময়ত স্কুলত দিয়া পাঠদান শিক্ষাৰ্থী সকলৰ বাবে পৰ্যাপ্ত নহয় ৷ সেয়ে তেওঁলোকে ঘৰুৱা শিক্ষকৰ সহায় ল’বলৈ বাধ্য হৈ পৰে ৷ সেয়েহে ঘৰুৱা শিক্ষকৰ শিক্ষাদানত সন্তুষ্ট হৈ আমাৰ উপৰিউক্ত “সফল ছাত্ৰী-ছাত্ৰই” সাক্ষাৎকাৰত ঘৰুৱা শিক্ষক “মণ্ডলী”ক ধন্যবাদ জনাইছে ৷ এইখিনিতে মন কৰিব শিক্ষক মণ্ডলী বুলিলে একাধিক শিক্ষকৰ দল একোটাক বুজাই ৷ এদল শিক্ষক গোট খাই ঘৰত ল’ৰাক পঢ়ুৱাই ভালকৈ পাছ কৰোৱাব লগা হোৱা পৰিস্থিতি এটাত আমি কাক প্ৰশ্ন বা দোষাৰোপ কৰিম ? নিশ্চয়কৈ চলিত শিক্ষা ব্যৱস্থাক নহয়নে ? 

“গুণগত শিক্ষা” বাক্যাংশটো দোহাৰি চৰকাৰখনে শিক্ষাৰ ক্ষেত্ৰত বহুতো সালসলনি কৰিছে, বহুতো সম্পৰীক্ষাৰ অন্তত নতুন নিয়ম বলবৎ কৰোৱাইছে, তথাপিও গুণগত শিক্ষা প্ৰদানত সফলকাম হৈছেনে পাঠকে এবাৰ গমি চাব ৷ শিক্ষা ব্যৱস্থাটোৱে প্ৰকৃততেই গুণগত শিক্ষা বিছাৰেনে নাই মোটা অংকৰ নম্বৰহে বিছাৰে সেয়া অলপ চিন্তা কৰিলেই ওলাই পৰে ৷ নম্বৰমুখী শিক্ষাব্যৱস্থা এটাই বিৰাজ নকৰা হেতেন নম্বৰ কমকৈ পোৱা ছাত্ৰী-ছাত্ৰৰ আত্মহত্যা, প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ পাছতো ছাত্ৰী-ছাত্ৰৰ আত্মহত্যা আদিৰ দৰে চকু ঠৰ কৰি দিয়া দুৰ্ঘটনা ঘটিলহেতেন নে ? সেইসকল ছাত্ৰী-ছাত্ৰই শিকাতকৈ নম্বৰ সংগ্ৰহ কৰাত অধিক গুৰুত্ব দি বিফল হৈয়ে লোকলজ্জাৰ পৰা বাচিবলৈ আত্মহত্যা কৰা নাইনে ? এইসকল ছাত্ৰী-ছাত্ৰৰ ইমান ভয়ংকৰ মানসিকতা একোটা কিদৰে গঢ় লৈ উঠিছিল যাৰ বাবে তেওঁলোকে আত্মহত্যা পৰ্যন্ত কৰিবলৈ বাধ্য হ’ল ? আমাৰ দেশৰ সমগ্ৰ শৈক্ষিক বাতাৱৰণটো নম্বৰমুখী নহৈ জ্ঞান আৰ্জনৰ প্ৰতিহে আগ্ৰহী হ’লহেঁতেন তেতিয়া এইসকল ছাত্ৰী-ছাত্ৰই নিৰ্মমভাৱে নিজকে হত্যা কৰিলেহেঁতেন নে ? নম্বৰমুখী শিক্ষাব্যৱস্থাই জীয়াই থাকিবলৈ নিদিয়া এইসকলৰ বাবে পোনপটীয়াকৈ কাক জগৰীয়া কৰিম ? আমাৰ সমগ্ৰ সমাজখনেই নম্বৰ সংগ্ৰহৰ দৌৰত দৰ্শকৰ ভাও দি হাত চাপৰি বজাই Hurry up Hurry up চিঞঁৰিবলৈ আৰম্ভ কৰা নাইনে ? এনেকুৱা একোটা বাতাৱৰণত তুলনামূলকভাৱে কম মেধাসম্পন্ন(কম মেধাসম্পন্ন বুলি একো নাই, মাত্ৰ বুজাবৰ বাবেহে লিখা গৈছে) ছাত্ৰী-ছাত্ৰসকলৰ শৈক্ষিক মানদণ্ড বা তেওঁলোকৰ মানসিক অৱস্থাৰ বিষয়ে আমি এবাৰমান চিন্তা কৰিছোঁনে ? এইবোৰ বিষয় আমাৰ মনত লাহে-ধীৰে একোটা out of context topic হ’বলৈ আৰম্ভ কৰা নাইনে ? 

এইবোৰৰ উপৰিও আৰু এটা কথা চিন্তনীয় যে, ঘৰুৱা শিক্ষকসকলে আচলতে তেওঁলোকৰ শিক্ষাদানৰ দ্বাৰা নম্বৰৰ দৌৰত ভাগ লোৱাৰ বাবে training দি দৌৰিব পৰা কৰি তুলিছে নে নাই প্ৰকৃততে তেওঁলোকে শিক্ষাদান দিব পাৰিছে ? শিক্ষা বুলিলে যিখিনি মানসিক উৎকৰ্ষ সাধনৰ কথা আহি পৰে, সামগ্ৰিকভাৱে সেইখিনি এজন ঘৰুৱা শিক্ষকৰ দ্বাৰা কাৰ্যতঃ হৈ উঠিছেনে ? শুনিবলৈ বৰ তিতা হ’লেও সত্য যে সেইখিনি হৈ নুঠে ৷ দহ হাজাৰজনৰ মাজত এজন তেনে শিক্ষক থাকে যিয়ে প্ৰকৃততে শিক্ষাদান দিব পাৰে আৰু সেইজন শিক্ষক সকলোৰে বাবে উভৈনদী কেতিয়াও নহয় ৷ কিন্তু স্কুল পৰ্যায়ত সেইখিনি সম্ভৱপৰ কৰি তোলাটো অসম্ভৱ জানো ? যদি অসম্ভৱ নহয় তেনেহ’লে কিয় কৰা হোৱা নাই ? কেৰোণটো লাগি আছে ক’ত ?

মই ব্যক্তিগতভাৱে নম্বৰমুখী শিক্ষাৰ বিৰোধী ৷ নম্বৰমুখী শিক্ষাই সৃষ্টিশীলতাক ক্ৰমান্বয়ে নাশ কৰি আনে ৷ সম্ভাৱনীয়তাক এফালৰপৰা মাৰি আনিবলৈ এই ব্যৱস্থাটোৱেই যথেষ্ট ৷ ভাৰতৰ বিগত ২০ বছৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত নতুন উদ্ভাৱন কিমান হৈছে - এই মাত্ৰ এটা উদাহৰণেই ইয়াক সুন্দৰকৈ ফঁহিয়াই চাবলৈ যথেষ্ট ৷ মেট্ৰিক বা হায়াৰচেকেণ্ডেৰীৰ ৰিজাল্টক উৎসৱ কৰি নুতুলি উত্তীৰ্ণ পৰীক্ষাৰ্থী সকলক দেশৰ কামত অহাকৈ উপযুক্ত সম্পদ কৰি গঢ়ি তোলাতোতহে অধিক গুৰুত্ব আৰোপ কৰাটো শুভ লক্ষণ ৷ কোনোবাই চ’চিয়েল মিডিয়াত লিখিছে “আগৰ ষ্টেণ্ড কৰাসকল ক’লৈ গ’ল ?” কথাষাৰ প্ৰাসংগিক। ষ্টেণ্ড কৰাসকল মানে স্হান প্ৰাপকসকলক সকলোৱে মেধাৱী বুলি গণ্য কৰে আৰু সেয়ে সকলোৱে তেওঁলোকৰ পৰা কিবা নহয় কিবা এটা  সামাজিক অৱদানৰ আশা কৰে ৷ গুণগত শিক্ষাৰে শিক্ষিত এজনৰপৰা সেয়া লাভ কৰাটো সম্ভৱ কিন্তু কেৱল নম্বৰৰ দৌৰত দৌৰি জিকি অহা এজনৰপৰা সেয়া আশা কৰাটো হয়তো আমাৰেই মূৰ্খামি হ’ব ৷ 

সেয়েহে শেহত ক’ব পাৰি - শিক্ষা বিভাগে নিজক পৰিশোধিত কৰি শিক্ষাৰ মানদণ্ডক উন্নীত কৰিবৰ হ’ল ৷ আমাক নম্বৰৰ ভাৰ এখনতকৈ প্ৰকৃত শিক্ষাহে প্ৰয়োজন ৷ নম্বৰমুখী শিক্ষা আৰু সেই শিক্ষাৰে শিক্ষিত লোকৰ বৰ বেছি প্ৰয়োজন নাই ৷

Your Comments