-পাৰ্থ প্ৰতীম বৰকটকী
গোলাঘাটৰ গ্ৰন্থ বিপনী 'ৰীডাৰ্চ হাইভ'ৰ স্বত্বাধিকাৰী পৰশ বৰুৱাই প্ৰায় দুবছৰ আগতে ৭১ৰ পৃষ্ঠাৰ এখন ক’লা বেটুপাতৰ তেনেই সৰু পকাবন্ধ কিতাপ মোৰ হাতত তুলি দি কৈছিল---“এইখন ল৷ তোক দিলোঁ৷ পঢ়িবি৷ অসমত যে এনেকুৱা এজন Intellectual আছিল সেই কথা তহঁতবোৰে জানিব লাগে৷ তই মোক এইখনৰ দাম দিব নালাগে৷” ২০১৯ বৰ্ষৰ উত্তৰপূৱ গ্ৰন্থমেলাত পুৰণি কিতাপৰ কথা প্ৰসংগত মই সেই কিতাপখনৰ কথা কওঁতে কিতাপখনৰ প্ৰকাশক পূৰ্বাঞ্চল প্ৰকাশনৰ স্বতাধিকাৰী নবীন বৰুৱাই কৈছিল---“তোমালোকৰ বয়সৰ ল’ৰাৰ মুখত এইখন কিতাপ আৰু এই লেখকজনৰ কথা শুনি আচৰিত হোৱাৰ লগতে এক বুজাব নোৱাৰা সুখ অনুভৱ কৰিছোঁ৷” কিতাপখন পঢ়াৰ পাছৰ পৰা এই মুহূৰ্তলৈকে মই এটা প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাই---কিয় তেনে এজন লেখক আৰু তেওঁৰ চিন্তা অতদিনে ইমান প্ৰচাৰবিমুখ আৰু অখ্যাত হৈ থাকিল? কিতাপখনৰ নাম “আমাৰ ঐতিহ্য আৰু ভণ্ডামি”, লেখক শিৱ খাটনিয়াৰ৷ এই কিতাপখন ১৯৩০ চনত জন্ম হোৱা শিৱ খাটনিয়াৰে তেওঁৰ চৌৱন্ন বছৰীয়া জীৱনত লিখি থৈ যোৱা মাত্ৰ(!) সাতটা প্ৰবন্ধৰ সংকলন৷ সংকলনখনৰ সম্পাদক নগেন শইকীয়াই ভূমিকাত লিখা কথাখিনিৰ বাদে শিৱ খাটনিয়াৰ বিষয়ে আমি আন একোৱেই নাজানো৷ ২০০৮ চনত নগেন শইকীয়া আৰু নবীন বৰুৱাৰ উদ্যোগত শিৱ খাটনিয়াৰে লিখি থৈ যোৱা সাতটা প্ৰবন্ধ গ্ৰন্থাকাৰে প্ৰকাশ পালে৷ ইয়াৰ বাবে আমি নগেন শইকীয়া আৰু নবীন বৰুৱাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷
যোৱা ১৮/০৬/২০২১ তাৰিখে 'আমাৰ অসম' কাকতত প্ৰকাশিত Sailen Borkatakiয়ে লিখা “গান্ধী আৰু ব্ৰাহ্ম্যণ্যবাদ” শীৰ্ষক প্ৰবন্ধটো পঢ়ি ১৯৩৪ চনত বিহাৰত হোৱা ভূমিকম্পৰ প্ৰসংগত ৰবি ঠাকুৰ আৰু গান্ধীৰ মাজত হোৱা বিৰোধ আৰু শিৱ খাটনিয়াৰৰ “আমাৰ ঐতিহ্য আৰু ভণ্ডামি” শীৰ্ষক প্ৰবন্ধটোৰ কথা মনলৈ আহিল৷ বিহাৰত হোৱা ভূমিকম্পৰ সন্দৰ্ভত গান্ধীয়ে কৈছিল--“I want you to be superstitious enough to believe with me that the earthquake is a divine chastisement for the great sin we have committed against those whom we describe as Harijans.” গান্ধীয়ে হৰিজনসকলৰ লগত হৈ থকা ভেদাভদৰ দৰে পাপৰ বাবেই ভূমিকম্প হোৱা বুলি কোৱা শুনি ৰবি ঠাকুৰে গান্ধীক অন্ধবিশ্বাসৰ দোষত অভিযুক্ত কৰি তেওঁলৈ এখন চিঠি লিখিছিল আৰু সেই চিঠিখন ৰবি ঠাকুৰৰ অনুৰোধমৰ্মে গান্ধীয়ে 'Harijan'ত প্ৰকাশ কৰিছিল৷ য’ত ৰবি ঠাকুৰে লিখিছিল---“I find it difficult to believe it. But if this be your real view on the matter, I do not think it should go unchallenged...It is all the more unfortunate, because this kind of unscientific view of things is too readily accepted by a large section of our countrymen...” ৰবি ঠাকুৰৰ মতে গান্ধীৰ দ্বাৰা প্ৰসাৰিত হোৱা অবৈজ্ঞানিক দৃষ্টিভংগীৰ বিৰোধিতা উচিত কাৰণ দেশৰ সাধাৰণ জনতাই সেই দৃষ্টিভংগী সহজে আকোঁৱালি ল’ব৷ ৰবি ঠাকুৰ চিঠিৰ উত্তৰত গান্ধীয়ে 'Harijan'তে “Superstition vs. Faith” শীৰ্ষক এটা লেখাত লিখিলে---“...My belief is a call to repentance and self-purification. I admit my utter ignorance of the working of the laws of Nature. But even as I cannot help believing in God though I am unable to prove His existence to the sceptics, in like manner, I cannot prove the connection of the sin of untouchability with the Bihar visitation even though the connection is instinctively felt by me...” এইদৰেই অতি-আধ্যাত্মিকতাৰে আকোৰগোঁজ হৈ পৰা গান্ধীৰ লগত ৰবি ঠাকুৰে এই তৰ্ক আগবঢ়াই নিনিলে৷
“আমাৰ ঐতিহ্য আৰু ভণ্ডামি” শীৰ্ষক প্ৰবন্ধটোত শিৱ খাটনিয়াৰে গান্ধী, তেওঁৰ অনুগামী আৰু গান্ধী-বন্দনা কৰি থকা ৰাষ্ট্ৰ ব্যৱস্থাটোৰ সমালোচনাত্মক চৰ্চা কৰিছে৷ খাটনিয়াৰে লিখিছে---“...অহিংসা নীতিৰ এটা সীমা আছে৷ এনেকুৱা এটা সীমাত উপনীত হোৱাৰ পাছত স্বাধীনতা সংগ্ৰামে ১৯৪২ চনত হিংসাত্মক ৰূপ ল’বলৈ আৰম্ভ কৰিছিল৷ ব্ৰিটিছবিলাকে গান্ধীজীৰ নেতৃত্বক গুৰুত্ব দিছিল অহিংসা নীতিৰ কাৰণে নহয়, গুৰুত্ব দিছিল এই কাৰণে যে জনসাধাৰণৰ ওপৰত তেওঁৰ বিৰাট প্ৰভাৱ আছিল যাৰ কাৰণে গান্ধীজীৰ ইঙ্গিতত কোটি কোটি মানুহে হিংসাত্মক সংগ্ৰামত জঁপিয়াই পৰাৰ আৰু লগতে আন্তৰ্জাতিক ৰাজনীতিত জড়িত হোৱাৰ আশঙ্কা আছিল৷ ভাৰতে স্বাধীনতা লাভ কৰিলে অহিংসা আন্দোলনৰ যোগেদি নহয়, ইয়াৰ পটভূমিত থকা হিংসাত্মক সংগ্ৰামৰ প্ৰচ্ছন্ন বিভীষিকাৰ কাৰণেহে৷...” গান্ধী আৰু গীতাৰ প্ৰসংগত খাটনিয়াৰে লিখিছে---“...যুদ্ধৰ আগমুহূৰ্তত অৰ্জুনৰ কোমল অনুভূতি আৰু যুদ্ধ-বিমুখিতাক কৃষ্ণই 'ক্লৈৱম' বুলি তিৰস্কাৰ কৰিছে অথচ গান্ধীজীৰ পৰা ৰাধাকৃষ্ণণলৈকে ক’ব খোজে যে গীতাৰ বাণী অহিংসাৰ বাণী৷...কৃষ্ণৰ বাণী যদি গীতাৰ বাণী হয় তেন্তে গীতাৰ বাণীক সাধাৰণ জ্ঞানৰ ফালৰ পৰা চালে আমি হিংসাৰ জগতত প্ৰৱেশ কৰিছোঁ, গান্ধীজীৰ পৃথিৱীত নহয়৷” গান্ধীজীৰ অহিংসা নীতিৰ দোহাই দি থকা ৰাষ্ট্ৰ ব্যৱস্থাৰ বিষয়ে খাটনিয়াৰে লিখিছে---“যুগচেতনা বা বাস্তৱ চেতনা যাৰে আছে তেৱেঁই বুজিব যে হিংসা-নীতিৰ অবিহনে, আত্মৰক্ষাৰ ক্ষেত্ৰত হ’লেও, ৰাষ্ট্ৰ এখন টিকি থাকিব নোৱাৰে৷...জনসাধাৰণে যেতিয়া কোনো হিংসাত্মক বিক্ষোভৰ আশ্ৰয লয়, অহিংসা নীতিৰে তেওঁলোকৰ দাবী পূৰাবলৈ ব্যৰ্থ হয়, তেতিয়া এইধৰণৰ অহিংসা নীতিৰ ওপৰত বিশ্বাসী নেতাৰ মুখতে শুনা যায় “এইবিলাক কঠিন হাতেৰে দমন কৰা উচিত৷” শৈলেন বৰকটকীয়ে তেওঁৰ প্ৰবন্ধটোত কৈছে যে “মহাত্মাৰ 'শ্ৰেণী-সহযোগিতাৰ তত্ত্বটো চৰম বিশ্বাসঘাতকতাৰ তত্ত্ব৷” শিৱ খাটনিয়াৰেও শ্ৰেণী-সংগ্ৰামৰ পোষকতাৰে লিখিছিল---“...উৎপাদন প্ৰণালীৰ আলম স্বৰূপে নাঙল আৰু যঁতৰক যেতিয়া লাহে লাহে বাদ দিয়া হৈছে তেতিয়া আৰু গান্ধীজীৰ আদৰ্শ ভাৰতবৰ্ষত কোনোদিনেই বাস্তৱত ৰূপ নাপায়৷ বিজ্ঞান আৰু যন্ত্ৰৰ প্ৰসাৰতাৰ লগে লগে আমি মাৰ্ক্সৰ পৃথিৱীতহে ভৰি দিছোঁ৷...যন্ত্ৰ-নিৰ্ভৰশীল আৰু শিল্পায়িত সমাজ-ব্যৱস্থাৰ লগত জড়িত সমস্যাৰ সমাধানৰ পথ বিচাৰি আমি গান্ধীজীতকৈ মাৰ্ক্সৰহে কাষ চাপিব লাগিব৷”
আমাৰ বোধেৰে ৰবি ঠাকুৰ, শিৱ খাটনিয়াৰ অথবা শৈলেন বৰকটকীয়ে কৰা গান্ধীৰ সমালোচনাৰ উদ্দেশ্য গান্ধীক হেয় প্ৰতিপন্ন কৰি নস্যাৎ কৰিবলৈ কৰা চেষ্টা নহয়৷ বৰঞ্চ, সিবিলাক হৈছে গান্ধীৰ অৱদানক সম্পূৰ্ণ সন্মান জনাই তেওঁক ফঁহিয়াই চোৱাৰ এক প্ৰচেষ্টা৷ আমি বিশ্বাস কৰোঁ যে সচেতন পঢ়ুৱৈয়ে গান্ধীৰ বিষয়ে হোৱা এনে সমালোচনা আৰু নাথুৰামপন্থী সমালোচনাৰ পাৰ্থক্য বুজি পাব৷
সহায়ক গ্ৰন্থঃ The Mahatma and The Poet: Letters and Debates between Gandhi and Tagore 1915-1941(সম্পাদকঃ সব্যসাচী ভট্টাচাৰ্য)
- Log in to post comments
- 28 views