সাৱধান! Facebook ব্যৱহাৰকাৰীৰ তথ্য চুৰ কৰিছে এই ৯টা এপে

fraud app

অজানিতে আপোনাৰ ফেচবুকৰ তথ্য চুৰ কৰি নিছে বহু কেইটা এপ্লিকেচনে। ব্যক্তিগত যাৱতীয় যি তথ্য সেই সকলোবোৰ লৈ লৈছে এই কেইটা এপে। ইয়াৰ ভিতৰত আছে Processing Photo application ৷ এই এপৰ জৰিয়তে আপোনাৰ বহুবিলাক ব্যক্তিগত তথ্য গুচি গৈছে থার্ড পার্টিৰ হাতলৈ ৷

Fraud app

PIP Photo এটা জনপ্রিয় এপ। ফটো এডিটিঙৰ বাবে এইটো বহুলোকে ব্যৱহাৰ কৰি থাকে। কিন্তু সাৱধানে ব্যৱহাৰ কৰিবলৈ সকীয়াই দিছে সামাজিক মাধ্যমৰ বিশেষজ্ঞসকলে। 

lockkit Master ব্যৱহাৰ নকৰি মোবাইল ফোনৰ লকতেই আস্থা ৰাখক।  নিজৰ মোবাইল ফোনক বিশ্বাস নকৰি এই থার্ড পার্টি এপ্‌ ব্যৱহাৰ কৰাৰ অর্থ নিজৰ বিপদ নিজেই মাতি অনা।

Fraud app

App Lock Keep এটা বহুল ব্যৱহৃত এপ্লিকেচন। মোবাইলত ফাণ্ড পাতি নজৰ ৰখাৰ স্বভাৱ আছে এই এপ্‌ৰ৷ সেয়ে স্মার্ট ফোনত এই এপ্‌ ব্যৱহাৰ নকৰাৰ পৰামর্শ আগবঢ়াইছে টেক্‌ মহলে।

Rubbish Cleaner এপ্‌টো বহুতেই ব্যৱৎ কৰে ফোনৰ পৰা অবাঞ্চিত বস্তু ডিলিট কৰিবৰ বাবে৷ কিন্তু ফোনত ফেচবুক কানেক্ট থাকিলে সেই তথ্য এই এপ্‌টোৱে লৈ লয় বুলিও জানিব পৰা গৈছে।

Fraud app

Horoscope Daily এপ্‌টোত বহু লোকে ৰাশিফল চায়। কিন্তু আপুনি যেতিয়া ৰাশিফল চাই এই এপ্‌টোৱে তৎক্ষণাৎ আপোনাৰ ফোনৰ বহু গোপন তথ্য সংগ্ৰহ কৰি লয়। 

সেয়েহে সাৱধানতা অৱলম্বন কৰক আৰু সুৰক্ষিত হথাকক ৷

Your Comments