দীঘলীপুখুৰীত মাছৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই কি ক’লে পঢ়ক

A

নিউজ ডেস্ক :

গুৱাহাটীৰ সৌন্দৰ্য্যবৰ্ধনৰ অন্য এক নাম দীঘলীপুখুৰী।ঐতিহ্যপ্ৰসিদ্ধ দীঘলীপুখুৰীত মাছৰ অস্বাভাৱিক মৃত্যুৰ সন্দৰ্ভত মুখ খুলিছে মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই।

মাছৰ মৃত্যুৰ সন্দৰ্ভত মীন বিভাগে বৈঠকত মিলিত হৈছে। পুখুৰীটোত মাটি-কালি বা পানীৰ পৰিমাণতকৈ মাছৰ পৰিমাণ বৃদ্ধি হোৱাৰ দাবী কৰে মন্ত্ৰী গৰাকীয়ে।যাৰ বাবে পৰ্যটন বিভাগক দীঘলী পুখুৰীত মাছ মৰাৰ অনুমতি দিয়া আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে  প্ৰায় ২কুইণ্টলতকৈ অধিক মাছৰ মৃত্যু হৈছে পুখুৰীটোত।

আনহাতে টংলা বগলী নিধন ঘটনা সন্দৰ্ভত মন্ত্ৰী বৈদ্যই কয় যে "ঘটনাৰ স্থানীয় তদন্ত দিয়া হৈছে।সমগ্ৰ ঘটনাৰ  বিৰুদ্ধে গোচৰ দিয়া হৈছে।নীতিগত ভাৱে পাব লগা শাস্তি পাব"৷

Your Comments