ৰাভা দিৱস উপলক্ষে অনলাইন কবিতা আবৃত্তি আৰু বিষ্ণু সংগীত প্ৰতিযোগিতাৰ আয়োজন

#নুৰুল ইছলাম,চানডুবিঃ

বৃহত্তৰ ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ এলেকাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখনি অনলাইন কবিতা আবৃত্তি তথা বিষ্ণু সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আগন্তুক “ৰাভা দিৱস“ৰ স’তে সংগতি ৰাখি উক্ত প্ৰতিযোগিতাখনিৰ আয়োজন কৰা হৈছে ৷ উল্লেখ্য যে কবিতা আবৃত্তিত নিম্ন শাখাত প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ আৰু উচ্চ শাখাৰ অষ্টম শ্ৰেণীৰ পৰা স্নাতকোত্তৰৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব ৷ নিম্ন শাখাৰ বাবে "দুখীয়াৰ কলিজা নিয়ৰি ল'ব" আৰু উচ্চ শাখাৰ ছাত্ৰ-ছাত্ৰীসকলে "ট্ৰাইবেল ! জাগ ট্ৰাইবেল" কবিতাটি আবৃত্তি কৰিব লাগিব ৷ তদুপৰি, বিষ্ণু সংগীতৰ ক্ষেত্ৰত "উটি যা ৰূপালী নাও" আৰু "এয়ে মোৰ শেষ গান" গীত দুটি ল'ব পাৰিব ৷ ইচ্ছুক প্ৰতিযোগীসকলে অহা ১৯ জুনৰ আগতে কবিতা আবৃত্তি সমূহ 70867 52586 নম্বৰত তথা গীত সমূহ 86380 83411 নম্বৰলৈ প্ৰেৰণ কৰিব পাৰিব ৷

Your Comments