মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক উভতি ধৰিলে বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই

chandra mohan patowary

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰমেন ডেকাই আগবঢ়াইছে এক বিস্ফোৰক মন্তব্য ! সামাজিক মাধ্যমৰ জৰিয়তে নিজ দলৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক উভতি ধৰিলে সাংসদ গৰাকীয়ে।

পৰিবহণ নিগমত সংঘটিত পেট্ৰল পাম্প স্থাপন কেলেংকাৰী সন্দৰ্ভত মন্ত্ৰী পাটোৱাৰীক উভতি ধৰিছে শ্ৰী ডেকাই। নিজৰ বিভাগৰ কামত অধিক মনোনিবেশ কৰা পৰামৰ্শ আগবঢ়াইছে মন্ত্ৰী পাটোৱাৰীক।

Tweet

চৰকাৰৰ অদক্ষতাক এক প্ৰকাৰে উদঙাই প্ৰাক্তন সাংসদ গৰাকীয়ে “এএছটিচি আৰু পেট্ৰল পাম্পৰ আৱণ্টনৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীয়ে নজনাকৈ ইমান ডাঙৰ দুষ্কাৰ্য কেনেকৈ হবলৈ পাইছে” বুলি প্ৰশ্ন উত্থাপন কৰিছে ৷ 

উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্ব আৰক্ষীৰ অধীক্ষক আনন্দ মিশ্ৰ বিৰুদ্ধে নিয়া'ৰ তদন্তৰো দাবী কৰিছিল টুইটাৰ যোগে।

লক্ষণীয়ভাৱে ডেকাই টুইট কৰাৰ পিছতে প্ৰশ্ন উঠিছে যে নৱগঠিত চৰকাৰখনক লৈ বিজেপিৰ জ্যেষ্ঠ নেতা সকলৰ মাজত আৰম্ভ হৈছে নেকি মনো-মালিন্য ?

Your Comments