ৰাজ্যত বিভিন্ন কাৰণত খালী হৈ থকা শিক্ষকৰ পদ পূৰণৰ বাবে উচ্চ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। খালী হৈ থকা পদ শীঘ্ৰে পূৰণ কৰিবলৈ বিশেষ কমিটি গঠন।অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া তথা ছেবাৰ পূৰ্বৰ অধ্যক্ষ আৰ চি জৈনক অধ্যক্ষ হিচাবে লৈ গঠন কৰা হৈছে পাঁচজনীয়া কমিটি।কমিটিৰ অন্য সদস্য সকল হ’ল ক্ৰমে এছ এন চৌধুৰী, ফণীন্দ্ৰ জিদোং, এছ এন দাস আৰু প্ৰসন্ন বৰা।
উল্লেখ্য যে কমিটিয়ে সমগ্ৰ ৰাজ্যত খালী হৈ থকা শিক্ষক পদৰ তথ্য তিনি সপ্তাহৰ ভিতৰত প্ৰতিবেদন হিচাপে দাখিল কৰিব লাগিব উচ্চ শিক্ষা বিভাগক।
- Log in to post comments
- 22 views