নলবাৰীত ক'ৰ'নাক্রান্ত পৰিয়ালৰ মাজত বিদ্যাৰ্থীৰ খাদ্য সামগ্ৰী বিতৰণ

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

সম্প্ৰতি ক'ৰ'না মহামাৰীৰ সংক্রমনৰ বাবে নলবাৰী জিলাতো সান্ধ্য আইন চলি থকাৰ সময়ত সাধাৰণ মানুহে জীৱন নিৰ্বাহ কৰাটো কঠিন হৈ পৰিছে।ক'ৰ'না আক্রান্ত পৰিয়ালক চৰকাৰে খাদ্য সামগ্রী যোগান ধৰিছে যদিও সেয়া পৰ্যাপ্ত নহয়।তেনে ক্ষেত্রত ১৩ জুনত কেইগৰাকীমান শিক্ষিত ছাত্র-ছাত্রী ওলাই আহিল ক'ৰ'নাক্রান্ত পৰিয়ালক খাদ্য সামগ্রীৰে সহায় কৰিবলৈ।

Pic

আল্লিয়া আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক নিলোৎপল দাস  আৰু নলবাৰী চহৰৰ এগৰাকী মেধাৱী ছাত্রী জয়শ্রী কলিতাৰ নেতৃত্বত ওলাই আহিছে কেইজনমান মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্র-ছাত্রী।১৩ জুুনত জিলাখনৰ উত্তৰ প্রান্তৰ বৃহত্তৰ বালিতাৰা অঞ্চলটোত ক'ৰ'না আক্রান্ত পৰিয়ালৰ মাজত খাদ্য সামগ্রী যোগান ধৰে।ছাত্র-ছাত্রীসকলে টেম্পোৰে বালিতাৰালৈ গৈ সম্পূৰ্ণ ক'ভিড প্রট'কল মানি পূব বালিতাৰা,উত্তৰ বালিতাৰা,শৰ্মা চুবুৰী,ঔতল আদি ঠাইত প্রায় ৫০ ঘৰ পৰিয়ালৰ মাজত মাস্ক,চাবোন,গাখীৰ, চাউল,দাইল,আলু মিঠাতেল,নিমখ,বিস্কুত,আদি খাদ্য সামগ্রী বিতৰণ কৰে। ছাত্র-ছাত্রীৰ দলটোত আছিল সৃষ্টিকা তালুকদাৰ,মধুশ্রী দত্ত,দিশা শৰ্মা,সীমান্ত দাস,বিশাল কাশ্যপ,অংকুৰ দাস আৰু চিন্ময় মেধী আদি।শিক্ষাৰ্থীসকলৰ এনে প্ৰশংসনীয় পদক্ষেপৰ বিভিন্ন শ্ৰেণীৰ লোকে শলাগ লৈছে।

Your Comments