মোবাইল নেটৱৰ্ক কোম্পানীৰ বিৰুদ্ধে নলবাৰীত 'আছু'ৰ প্ৰতিবাদ

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৪ জুন:

নলবাৰীত আজি 'আছু'ৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ।জিঅ'ৰ লগতে অন্যান্য  মোবাইল নেটৱৰ্ক কোম্পানীৰ  নিম্ন মানৰ সেৱাৰ বিৰুদ্ধে এই প্ৰতিবাদ৷নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদ৷নলবাৰীৰ চহৰৰ জিলিঙনি চ'কত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।সম্প্ৰতি ছাত্ৰ-ছাত্ৰীৰ  অনলাইন  ক্লাছ চলি আছে যদিও নেটৱৰ্কৰ সমস্যাৰ বাবে আহুকালৰ সম্মুখীন হ'ব লগা হৈছে৷ 4Gৰ নামত জিঅ'ৰ লগতে বিভিন্ন মোবাইল  নেটৱৰ্ক কোম্পানীসমূহে গ্ৰাহক ৰাইজক ৰামঠগন দি চলাইছে ব্যাপক লুন্ঠন৷যাৰ বাবে আজি প্ৰতিবাদমুখৰ হৈ পৰিল ছাত্ৰ সন্থা।ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ পিছত এসপ্তাহৰ  ভিতৰত নেটৱৰ্ক সেৱা উন্নত কৰাৰ আশ্বাস প্ৰদান কৰিলে জিঅ'ৰ বিষয়াই৷

Your Comments