জলসম্পদ বিভাগৰ কলঙক বোৱতী কৰাৰ কাৰ্য-প্ৰক্ৰিয়া আসোঁৱাহ-পূৰ্ণ হোৱাৰ অভিযোগ

Pic

*বিভাগীয় কাৰ্যপন্থা অপৰিকল্পিত হোৱাৰ চৰ্চা ৰাইজৰ মাজত*

#কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

কলিয়াবৰৰ লগতে সমগ্ৰ নগাঁওবাসীয়ে ঐতিহাসিক কলং বোৱতী হোৱাৰ সেই ঐতিহাসিক  ক্ষণটোলৈ অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে যদিও কিমান সফলতাৰে কলংক বোৱতী কৰিব পাৰিব,ই এতিয়া ৰাইজৰ মাজত লাখটকীয়া প্ৰশ্ন।

ইতিমধ্যে, কলং বোৱতী কৰাৰ  নামত আঠ কোটি টকা ব্যয় সাপেক্ষে ১.২৮ কিলোমিটাৰ কলঙৰ ভূপৃষ্ঠৰ খন্দন কাৰ্য সম্পন্ন কৰিছে যদিও ইয়াত যথেষ্ট আসোঁঁৱাহ পৰিলক্ষিত হৈছে। কলঙৰ মুখৰ পৰা ১.২৮ কিলোমিটাৰ কলঙৰ  মাজভাগ খান্দি তাৰ বালি-মাটিসমূহ পাৰতে জমা কৰি ৰখিছে যদিও বৰ্তমান বাৰিষাৰ বৰষুণে চপৰা-চপৰে খহাই নি পুনৰ কলঙৰ মাজভাগলৈ উটুৱাই লৈ গৈ কলং বাম কৰা পৰিলক্ষিত হৈছে। বিভাগীয় অপৰিকল্পিত কাৰ্যপন্থাৰ বাবে ইতিমধ্যেই ব্যয় কৰা আঠ কোটি টকা অপব্যয় হোৱা বুলি সচেতন মহলৰ মাজত আলোচনা হৈছে। ইফালে,বিভাগীয় জ্ঞানশূন্যতাৰ এক ফলশ্ৰুতি বুলি ক'ব খোজে একাংশই। এই ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে আৰম্ভণি অৱস্থাতেই কামটো আসোঁঁৱাহপূৰ্ণ বুলি জলসম্পদ বিভাগক সকীয়াই দিছিল যদিও বিভাগৰ ফালৰপৰা কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা নগ'ল।

২০২০ চনৰ অক্টোবৰ মাহতে সেই সময়ৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰচেষ্টাত কলঙৰ মুখ ভাগত শ্লুইছ গেট স্থাপন কৰি ব্ৰহ্মপুত্ৰৰ পানীৰে কলং বোৱতী কৰাৰ প্ৰচেষ্টা হাতত লৈছিল। ইয়াৰ বাবে প্ৰায় ১৩৫ কোটি টকা ব্যয় সাপেক্ষে জেড ইঞ্জিনীয়াৰিঙক কামৰ আবন্টন দিছিল যদিও প্ৰতিষ্ঠানটোৰ অনভিজ্ঞতাৰ কাৰণে কলং বোৱতী হোৱাৰ ক্ষেত্ৰত যথেষ্ট পলম হোৱা বুলি সচেতন ৰাইজৰ মাজত চৰ্চা  হৈছে। আনহাতে, নৱ-নিযুক্ত জলসম্পদ মন্ত্ৰী পীয়ুুষ হাজৰিকাই কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ আহি হাতীমূৰাত উপস্থিত হৈ কলং বোৱতী হ'বলৈ আৰু দুবছৰ সময় লাগিব বুলি কোৱা কথাত ৰাইজৰ মনত বিভিন্ন প্ৰশ্নৰ উদয় হৈছে।

Your Comments