ঘগ্ৰাপাৰৰ আল্লিয়াত নোনা নৈৰ ওপৰত বাঁহৰ দলঙৰে বিপদসংকুল যাতায়ত

Pic

*ঠিকাদাৰৰ হেমাহিৰ বাবে ২ বছৰে সম্পূৰ্ণ নহ'ল পকী দলং-'আছু'ৰ অভিযোগ*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ঘগ্রাপাৰ ৰাজহ চক্রৰ অন্তৰ্গত ১৭ নং আল্লিয়া গাঁও পঞ্চায়তৰ ৰাইজে নোনা নৈৰ ওপৰত থকা জৰাজীৰ্ণ বাঁহৰ দলঙৰে যাতায়ত কৰিব লগা হৈছে বুলি আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাই অভিযোগ উত্থাপন কৰিছে। আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাই অভিযোগ কৰা অনুসৰি আল্লিয়া চ'কৰ পৰা মিলন বজাৰ হৈ ইছাপুৰ সংযোগী গড়কাপ্তানী পথছোৱাত নোনা নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে যদিও আজিলৈ দলঙখনৰ কাম সম্পূৰ্ণ হৈ নুঠিল।ইফালে,দলঙখনৰ কাষৰে উপপথ হিচাপে নিৰ্মাণ কৰা বাঁহৰ দলঙৰে অঞ্চলটোৰ ৰাইজে যাতায়ত কৰিব লগা হৈছে যদিও সম্প্ৰতি বাঁহৰ দলংখন জহি-খহি যোৱাৰ উপক্ৰম হৈছে।

Pic

তেনে পৰিপ্ৰেক্ষিতত ১২ জুনত আল্লিয়া আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা অৰ্জুন দাস,সভাপতি ধৰ্মেশ্বৰ দাস আৰু সাধাৰণ সম্পাদক নিলোত্পল দাসৰ নেতৃত্বত এটি সজাঁতি দলে উক্ত দলখনৰ ঠাইখিনিত উপস্থিত হৈ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত আছুৰ দলটোৱে বাঁহৰ দলঙখন দেখি হতভম্ব হৈ পৰে।লগতে দলটোৱে যিকোনো সময়তে দলঙখন নৈৰ পানীয়ে উটুৱাই নিব পাৰে বুলি আকাংক্ষা কৰি চৰকাৰ তথা গড়কাপ্তনি বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। উল্লেখ‍্য প্রায় দুবছৰ পূৰ্বে গুৱাহাটীৰ কুশল বেজৱৰুৱা নামৰ এজন ঠিকাদাৰে এই পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও আজিলৈ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰাত আঞ্চলিক ছাত্র সন্থা ক্ষুব্ধ হৈ পৰা লগতে আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা অৰ্জুন দাসে কয় যে ঠিকাদাৰগৰাকীৰ হেমাহিৰ বাবে পথ আৰু পথৰ দলং নিৰ্মাণ কাৰ্য লেহেমীয়া হৈছে।যাৰ বাবে অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভুগিব লগা হৈছে বুলি অভিযোগ কৰিছে।লগতে আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাই শীঘ্ৰে এই সমস্যা সমাধান কৰিবলৈ নলবাৰী জিলা উপায়ুক্ত তথা চৰকাৰক দাবী জনায়।ইফালে, এইগৰাকী ঠিকাদাৰে দেহাৰকুচি -বিলপাৰ সংযোগী পথছোৱাৰো নিৰ্মাণ কাৰ্য কৰিছে যদিও লেহেমীয়া আৰু নিম্নমানৰ কামৰ বাবে ৰাইজে যমৰ যাতনা ভুগিব লগাত পৰিছে।উল্লেখ‍্য‍ যে দেহাৰকুছি-বিলপাৰ সংযোগী পথছোৱাৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভ সাংসদ দিলীপ শইকীয়াই কৰিছিল যদিও আজি প্ৰায় ডেৰবছৰে অসম্পূৰ্ণ হৈ আছে।

Your Comments