মেক্সিকোৰ এক গহ্বৰত আবদ্ধ চাৰে ছয়কোটি বছৰৰ আগৰ জীৱকুল ধ্বংসৰ ৰহস্য

Dinosaurs

তেতিয়া প্রায় নিয়মিত বিশালাকায় ধূমকেতুৰ সৈতে সংঘৰ্ষ  হৈছিল পৃথিৱীৰ। উদ্গীৰণ হৈছিল আগ্নেয়গিৰি। সময়টো প্রায় চাৰে ছয়কোটি বছৰ আগৰ। সেই সময়ত পৃথিৱীৰ বাসিন্দা বুলিবলৈ ডাইনোছৰ। তাৰপিছত এদিন হঠাৎ সেইবিলাক বিলুপ্ত হৈ গ’ল এই গ্রহৰপৰা। 

Dinosaurs

গৱেষকসকলে বহুদিনৰপৰাই এইদৰে ডাইনোছৰ বিলাকৰ বিলুপ্ত হৈ যোৱাৰ বিষয়টো সন্দৰ্ভত চিন্তা কৰিছে। চিন্তা কৰিছে, কিয়নো, এই ৰহস্য ভেদ হ’লে সেই সময়ৰ পৃথিৱীৰ ভূগোল-বিজ্ঞান-ইতিহাস সকলোবোৰেই জনাত সহজ  হ’ব। অৱশেষত খুলিল সেই চাৰে ছয়কোটি বছৰৰ ৰহস্যৰ জঁট। 

Asteroid

হার্ভার্ড বিশ্ববিদ্যালয়ে বহুদিন পূৰ্বে এই বিষয়ত যথেষ্ট পোহৰ পেলাইছে। তেওঁলোকে কৈছে, ডাইনোছৰবিলাকৰ বিলুপ্তিৰ ৰহস্য লুকাই আছে আৰু সেই ৰহস্য আছে মেক্সিকোৰ এক গহ্বৰত। 

Asteroid

গহ্বৰটোৰ নাম চিকছুলুব । গৱেষকসকলে দেখিছে এই গুহাত বিয়পি আছে মহাজাগতিক ধুলি,পোৱা গৈছে ইৰিডিয়াম। এই ইৰিডিয়াম ডাইনোছৰবিলাকৰ জীৱাশ্মৰ সৈতেও পোৱা গৈছে। ইয়াৰ অৰ্থ হ’ল, এই ইৰিডিয়াম ডাইনোছৰবিলাক থকাৰ সময়তো আছিল।

Asteroid

হার্ভার্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কৈছে, চিকছুলুব ইম্পেক্টৰ হ’ল এক দানৱ গ্রহাণু যি পৃথিৱীৰ ওপৰত আহি পৰিছিল। ইয়াৰ ফলত মেক্সিকান পেনিনছুলাত এক বিশাল গহ্বৰৰ সৃষ্টি হয়। প্ৰকৃততে পেট্রোলিয়ামৰ অনুসন্ধান কৰিবলৈ গৈ এই গহ্বৰটোৰ সন্ধান পোৱা গৈছিল। আৰু তেতিয়াই বিজ্ঞানীসকলৰ চিন্তাৰ দুৱাৰ মুকলি হয়। তাৰপৰাই আৰম্ভ হয় গৱেষণা। পোৱা গ’ল মহাজাগতিক ধুলিও।

HU

প্ৰকৃততে এদল বিজ্ঞানীয়ে লক্ষ্য কৰে, এষ্টেৰয়ডে আমাৰ গ্রহলৈ প্রাণ বহন কৰি আনিছিল। ই নানা অণুজীৱ, বৰফ ইত্যাদি বহন কৰি আনিছিল। ফলত সেই বিজ্ঞানীৰ দল, এই চিকছুলুবৰ তথ্যত উল্লসিত হৈছে। তেওঁলোকে দাবী কৰিছে, এই দৰেই ক্রমশঃ জানিবলৈ পোৱা যাব, ধূমকেতুৰ মাধ্যমেৰেই নানান ৰাসায়নিক কণা, নানা প্রয়োজনীয় জীৱাণু, সমুদ্রজল আহিছে পৃথিৱীলৈ। 

Dinosaurs

সঁচা অৰ্থত এই চিকছুলুব-তথ্যই যদি মান্যতা পায়, তেতিয়া এইটো নিশ্চিত হ’ব যে, চাৰে ছয়কোটি বছৰ আগতে পৃথিৱীত আহি পৰা ধূমকেতুৰ মাধ্যমেৰেই মৃত্যু মুখত পৰিছিল সমগ্ৰ ডাইনোছৰকুল। 

Your Comments