ক’ৰ’না মহামাৰীৰ দিনবোৰতো দুৰ্নীতি! অভিযুক্ত চীন

China supplies

ক’ভিডৰ চিকিৎসা সৰঞ্জামৰ মান নিম্ন, আনহাতে দাম বেছি। এই সকলো সৰঞ্জাম আনিব লগা হৈছে ভাৰতে আৰু এই ক’ৰ’নাৰ সময়তো ব্যৱসায় কৰি গৈছে চীনে, উঠিছে এনে অভিযোগ। অভিযোগ উঠিছে দেশৰ সংশ্লিষ্ট বেচৰকাৰী বাণিজ্যিক সংস্থা আৰু বিশেষজ্ঞমহলৰ ফালৰপৰা ।

তেওঁলোকৰ অভিযোগ, এই সময়ত বিশ্বৰ অন্য দেশসমূহে য’ত ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে হাতে হাত ধৰি আগবাঢ়িছে, পৰস্পৰে পৰস্পৰক সহায় কৰিছে, তাতেই চীনে এই পৰিস্থিতিতো মুনাফা অর্জনৰ চেষ্টা এৰা নাই। 

কিয় এনে অভিযোগ উঠিছে চীনৰ ওপৰত?

China supplies

প্ৰকৃততে, দেখা গৈছে, চাহিদা বঢ়াৰ লগে লগে বিভিন্ন চিকিৎসা সৰঞ্জামৰ দাম বঢ়াই দিছে চীনৰ সংস্থাসমূহে। জানিবলৈ পোৱা গৈছে, চীনে ভাৰতলৈ মূলতঃ পঠাইছে ৫ আৰু ১০ লিটাৰৰ অক্সিজেন কনচেনট্রেটৰ আৰু ছিলিণ্ডাৰ। যাৰ দাম চীনৰ বিভিন্ন সংস্থাই বিভিন্ন ধৰণৰ ৰাখিছে। আনহাতে বৰ্দ্ধিত দাম দি যি সামগ্রী আহিছে, তাৰ মানদণ্ড সন্দৰ্ভতো উঠিছে প্রশ্ন। ইফালে, অভিযোগ, ত্রাণৰ কাৰ্যত ক্ৰয় কৰা এই সকলোবোৰ সৰঞ্জামৰ ক্ষেত্ৰতো চীনে কোনো ৰেহাই দিয়া নাই। মুখেৰে যদিও বেজিঙে কৈছে, তেওঁলোকে সকলোবোৰ মানৱীয়তাৰ খাতিৰত কৰিছে। নতুন দিল্লীত নিযুক্ত চীনা ৰাষ্ট্রদূতেও এই কথাই কৈছে।

ভাৰত-আমেৰিকা কূটনৈতিক বন্ধুত্বমঞ্চই কে’ভিড-যুদ্ধত ভাৰতক ১ লাখ অক্সিজেন কনচেনট্রেটৰ দি সাহায্যৰ প্রতিশ্রুতি কৰিছে। ঘটনা হ’ল, সেইসমূহৰ বেছি ভাগেই কিনা হৈছে চীনৰপৰা। আৰু এই লেনদেন সংক্রান্তীয় নথিতো দেখা গৈছে, অক্সিজেন কনচেনট্রেটৰৰ দাম ৩৪০ ৰপৰা বাঢ়ি ৪৬০ ডলাৰ কৰিছে চীনা সংস্থাসমূহে!

আনহাতে, চীনে জনোৱা অনুসৰি ক’ভিড যুদ্ধৰ সৰঞ্জাম সমূহ তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা সামগ্ৰী সমূহ অন্য দেশৰ পৰা ক্ৰয় কৰি আনিব লগা হোৱাৰ বাবে মূল্য বৃদ্ধি কৰিব লগা হৈছে সৰঞ্জাম সমূহৰ ৷

Your Comments