টিংৰাই বিস্ফোৰণস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ: নিহতৰ পৰিয়াললৈ ৫লাখ টকা ঘোষণা

HBS

শুক্ৰবাৰে তিনিচুকীয়াৰ টিংৰাই বজাৰত সংঘটিত বিস্ফোৰণস্থলী পৰিদৰ্শন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।ঘটনা অনাকাংক্ষিত বুলি উল্লেখ কৰি বিস্ফোৰণৰ ঘটনাক গৰিহণা জনাই তেওঁ কয়- কোনো কাৰণত শান্তি বিঘ্নিত হ’বলৈ দিয়া নহ’ব।উচিত তদন্ত কৰি ঘটনাৰ লগত জড়িতসকলক আইনৰ বিচাৰলৈ অনা হ’ব।ইতিমধ্যে আৰক্ষী-প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰা বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।

ইফালে বিস্ফোৰণত নিহত হৈছে সঞ্জীৱ সিং, সুৰজিৎ তালুকদাৰ নামৰ দুগৰাকী ব্যক্তি।দুয়োটা পৰিয়ালক ৫ লাখ টকা সাহাৰ্যৰে এককালীন ক্ষতিপূৰণ অসম চৰকাৰে প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে।

আনহাতে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা আহত ব্যক্তি দুগৰাকীৰ সম্পূৰ্ণ চিকিৎসাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে লগতে তেওঁ জনায়।

উল্লেখ্য বিধায়ক সুৰেণ ফুকন আৰু সাংসদ ৰামেশ্বৰ তেলিয়ে সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ কথা মুখ্যমন্ত্ৰীয়ে অৱগত কৰে।

Himanta Biswa Sarmah

গুৰুত্বপূৰ্ণ কথা যে নিহত সুৰজিৎ তালুকদাৰ বিস্ফোৰণ সংঘটিত পুৰণমল ব্যৱসায়ী প্ৰতিষ্ঠানৰ কৰ্মচাৰী আছিল।মুখ্যমন্ত্ৰীয়ে নিহত সুৰজিতৰ দৰিদ্ৰ পিতৃ-মাতৃক সাক্ষাৎ কৰে আৰু সমবেদনা জ্ঞাপন কৰে।

তাৎপৰ্যপূৰ্ণ কথা যে শুক্ৰবাৰে দিনৰ ১বজাত সংঘটিত হোৱা বিস্ফোৰণত আলফা(স্বা) জড়িত নহয় বুলি ইতিমধ্যে স্পষ্টীকৰণ প্ৰকাশ কৰিছে সংগঠনটোৱে। আৰক্ষীয়ে ২৪ঘণ্টা উকলি যোৱাৰ পিছতো দুৰ্বৃত্তক চিনাক্ত আৰু গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

Your Comments