বঙাইগাঁৱত মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে কৰিলে ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা

Pic

*সংবাদ মাধ্যমে যোগান মন্ত্ৰীজনক বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি হ'লে অনাহকতে সমালোচনা কৰে*

#বঙাইগাঁৱৰ প্ৰতিবেদক:

ৰাজ্যজুৰি ক'ভিড পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ মন্ত্ৰীসকলক বিভিন্ন জিলাৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ বাবে নিৰ্দেশ দিয়াৰ পিছতে ১৪ মে'ত বঙাইগাঁও জিলাত উপস্থিত হয় মন্ত্রী ৰঞ্জিৎ কুমাৰ দাস। জিলাখনত বৃহস্পতিবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ জিলাখনৰ ক'ভিড পৰিস্থিতিৰ বুজ লৈ যোৱাৰ পিছতে  জিলাখনত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস ৷ ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা যোগান বিভাগৰ মন্ত্ৰীগৰাকী বঙাইগাঁও জিলাত উপস্থিত হোৱাৰ পিছতে স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীৰ উপস্থিতিত আৱৰ্ত ভৱনত জিলাখনৰ উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়া, আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল,যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীল মাধৱ দাসৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াৰ সৈতে এখন সভাত মিলিত হয় ৷ সভাত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ শেহতীয়া ক'ভিড পৰিস্থিতি আৰু জিলা প্ৰশাসনে লোৱা ব্যৱস্থাৱলীৰ পৰ্যালোচনা কৰে। সভাত জিলা উপায়ুক্তগৰাকীয়ে প্ৰথমতে জিলাখনৰ চিকিৎসা ব্যৱস্থাৰ এক চমু আভাষ দিয়ে। বঙাইগাঁও জিলাত পূৰ্ৱৰ দুখন আদৰ্শ চিকিৎসালয়ৰ উপৰি সৃজনগ্ৰামত তৃতীয়খন আদৰ্শ হাস্পতাল,বঙাইগাঁও অসামৰিক চিকিৎসালয়ত আই চি ইউ কক্ষ নিৰ্মাণ আৰু অতি শীঘ্ৰে নিৰ্মাণ কৰিবলৈ চিন্তা-চৰ্চা কৰা অক্সিজেন প্লান্টৰ বিষয়ে উপায়ুক্তগৰাকীয়ে মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসক অৱগত কৰে।

আনহাতে, ক'ৰ'নাত জিলাখনত ৪০০৪ গৰাকী ক'ভিড পজিটিভ ৰোগী চিনাক্ত কৰাৰ লগতে তাৰ ভিতৰত ৭ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু হোৱাৰ বিষয়েও উপায়ুক্তগৰাকীয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে। বঙাইগাঁৱত ক'ভিড ৰোগীৰ আৰোগ্যৰ হাৰ ৯৮.০৫ শতাংশ বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে।

Pic

সভাত বঙাইগাঁও জিলাত প্ৰশাসনে ক'ভিডৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে লোৱা ব্যৱস্থাৱলী দেখি সন্তুষ্টি প্ৰকাশ কৰে আৰু আগন্তুক দিনত ক'ভিড মহামাৰীক পৰাভূত কৰাৰ বাবে কাম কৰি যাবলৈ সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায়। ইপিনে সভাৰ পিছতে মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে আমাৰ চৰকাৰখন আৰু প্ৰশাসনে যেনেকৈ আমি তদাৰকৰ ব্যৱস্থা কৰিছোঁঁ,সেই অনুসৰি মই আশা কৰিছো যে পৰিস্থিতি ভালৰ ফালে যাব ৷ মন্ত্ৰী দাসে কয় যে মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী কেবিনেট মন্ত্ৰীক জিলাসমূহ পৰিভ্ৰমণ কৰি জিলাসমূহৰ শেহতীয়া ক'ডিভ পৰিস্থিতি পৰ্যৱেক্ষণ কৰাৰ বাবে কৈছিল আৰু আমি পৰৱৰ্তী সময়ত কি কৰিবলগীয়া আছে সেই বিষয়েও আমাক জনাবলৈ কৈছিল ৷ ইয়াৰ আধাৰত মন্ত্ৰী পৰিষদৰ সমূহ সদস্যসকলে বিভিন্ন জিলাত পৰিভ্ৰমণ কৰি আছো ৷মই বঙাইগাঁও জিলাত আহি সন্তুষ্টি প্ৰকাশ কৰিছো ৷ কাৰণ ইয়াত সকলো চিষ্টেমত কৰা হৈছে ৷ যিসকলক প'জিটিভ পাইছে তেওঁলোকক একেলগে নাৰাখি সুকীয়া সুকীয়াকৈ ৰখাৰ কাৰণে ক'ৰ'না মহামাৰীৰ সংক্ৰমণ যিমান বৃদ্ধি পাব লাগিছিল সিমান বৃদ্ধি পোৱা নাই ৷ যদিও জিলাখনত দহগৰাকী ব্যক্তি ঢুকাইছে,কিন্তু যিটো পৰিচালনা ব্যৱস্থা তাত সন্তুষ্টি প্ৰকাশ কৰে ৷ যি কোনো মানুহৰ জ্বৰ- চৰ্দি হ'লে তেওঁলোকে উপ স্বাস্থ্য কেন্দ্ৰলৈ গৈ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰিব পাৰে ৷ তাত যদি কিবা সন্দেহ হয় তেতিয়াহলেহে ব্যক্তি এজনক ক'ভিড টেষ্ট কৰিবলৈ পঠিয়ায় ৷ দ্বিতীয় পৰ্যায়ত এই ব্যৱস্থা কৰিছে ৷ লগতে প্ৰতিটো স্বাস্থ্য কেন্দ্ৰতে অক্সিমিটাৰৰ জৰিয়তে ব্যক্তিৰ অক্সিজেন লেভেল জোখাৰ ব্যৱস্থা কৰিছে ৷ আনকি বঙাইগাঁও জিলা কাৰাগাৰৰ কয়দীসকলোৰো ক'ভিড টেষ্ট কৰাৰ হৈছে ৷ কাৰাগাৰত থকা দুশতকৈ অধিক কয়দীৰ ক'ভিড টেষ্ট কৰাৰ পিছত ৩৬ গৰাকী কয়দীৰ দেহত ক'ভিড প'জিটিভ ধৰা পৰিছে আৰু সেইসকল কয়দীক সুকিয়াকৈ ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ সেইদৰে জিলাখনত হোম কোৱাৰেণ্টাইনৰ ওপৰত অধিক গুৰুত্বাৰোপ কৰা হৈছে আৰু ইয়াৰ ফলত ক'ৰোনাৰ অধিক সংক্ৰমণৰ পৰা আমি কিছু হলেও ৰক্ষা পাইছো ৷ বঙাইগাঁও জিলাত বিছনাৰ অভাৱ নাই ৷ তিনিশখন বিচনা আছে আৰু অতিৰিক্তভাৱে আৰু তিনিশখন বিচনা সাজু কৰি ৰখা হৈছে ৷ আনহাতে পোন্ধৰ দিনৰ পিছত আমি বঙাইগাঁও অসামৰিক চিকিৎালয়ত অক্সিজেন উৎপাদন কেন্দ্ৰৰ কাম আৰম্ভ কৰিব পাৰিম আৰু যিতো এটা ভাল খবৰ ৷ লগতে ইতিমধ্যে বঙাইগাঁও জিলা অসামৰিক চিকিৎসালয়ত ২০ খন বিচনাযুক্ত আই চি ইউ কক্ষৰ কাম চলি আছে ৷ গতিকে এনে ব্যৱস্থাৰ জৰিয়তেও আগন্তুক দিনত ক'ভিড পৰিস্থিতি প্ৰশমিত কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাসী ৷

মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়েও তৎপৰতা গ্ৰহণ কৰা বুলি কৈ জিলা উপায়ুক্ত তথা জিলা প্ৰশাসন, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালককে ধৰি বিভাগটোৰ বিষয়া - কৰ্মচাৰীসকলে ক'ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কাম কৰি আছে বুলিও কয় ৷ লগতে বঙাইগাঁও জিলাখনত যাতে ক'ৰোনাৰ সংক্ৰমণ অধিক বৃদ্ধি হ'ব নোৱাৰে আৰু যোৱাবাৰ যিদৰে জিলাখনে ক'ভিডক পৰাভূত কৰিছিল এইবাৰো যাতে পুনৰ ক'ভিডক প্ৰতিহত কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক নিষ্ঠাসহকাৰে আগন্তুক দিনত কাম কৰি যাবলৈকো আহ্বান জনায়৷ মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক ক'ভিড বিধি মানি চলিবলৈকো আহ্বান জনায় ৷

ইপিনে, মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে এইটো মুখ্যমন্ত্ৰীৰ নিজস্ব বিষয় ৷ গতিকে তেওঁহে এই বিষয়ে ক'ব পাৰিব বুলি কয় ৷ আনহাতে,যোগান বিভাগৰ দায়িত্বতো থকা মন্ত্ৰীগৰাকীয়ে কয় যে যোৱাবাৰ যোগান বিভাগৰ দায়িত্বত বিধায়ক ফণীভূষণ চৌধুৰী আছিল ৷ কিন্তু সংবাদ মাধ্যমৰ সাংবাদিকসকলে যোগান মন্ত্ৰীজনক বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি হলে অনাহকতে সমালোচনা কৰে ৷ কৰবাত ভেন্দি, পটল আদিৰ দাম বাঢ়িলে যোগানমন্ত্ৰীক সমালোচনা কৰে ৷আচলতে সেইটো নহয় ৷ এইবোৰ বিষয় যোগান বিভাগৰ অধীনৰে নহয় ৷ আনকি অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত এতিয়া কেৱল নিমখহে আছে ৷ বঙাইগাঁও জিলাত যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নহয় তাৰ বাবে জিলা উপায়ুক্তই চেম্বাৰ অৱ কমাৰ্চ আৰু ব্যৱসায়ীসকলৰ সৈতে আলোচনা কৰিছে আৰু মইও আহ্বান জনাইছো যাতে এই দুৰ্যোগৰ সময়ত ব্যৱসায়ীসকলে সুযোগ নলয়। চৰকাৰক সমালোচনা কৰিবই ,কিন্তু ভাল খবৰবোৰো ৰাইজক জনালে ভাল লাগে ৷ অসমত প্ৰতি কিলোগ্ৰাম মচুৰ দাইলৰ দাম ৯০ টকাৰ বিপৰীতে কলকাতাত ১০১ টকাকৈ জনসাধাৰণে খাই আছে বুলিও কয় ৷ সেইদৰে বঙাইগাঁও জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিসমূহ বিকল হৈ আছে বুলি সাংবাদিকে প্ৰশ্ন কৰি আগন্তু দিনত কি ব্যৱস্থা গ্ৰহণ কৰিব বুলি সোধাত মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে কয় যে ইতিমধ্যে মই বিভাগৰ সৈতে পৰ্যালোচনা কৰিছো আৰু ২০২৪ চনৰ আগে আগে যিহেতু ঘৰে ঘৰে পানী যোগান ধৰাৰ ব্যৱস্থা কৰিছো সেয়েহে তাৰ কাৰণে তৎকালীনভাৱে যি যাৱতীয় ব্যৱস্থা কৰিবলগীয়া আছে আৰম্ভ কৰি দিছো ৷ সেয়ে যিসমূহ আচনি বিকল হৈ আছে সেইসমূহো কাৰ্যক্ষম কৰাৰ সম্ভাৱনা আছে বুলি জনায় ৷

আনহাতে,সংখ্যালঘু মৰ্চা ভংগ কৰি দিয়া বিষয়ে সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে চাৰিমাহ পূৰ্বে আমাৰ সংখ্যালঘু মৰ্চাৰ এখন সভা অনুষ্ঠিত হৈছিল আৰু সেই সভাত আমাৰ এটা সমূহীয়া সিদ্ধান্ত আছিল যে অধিকাংশ বুথত যদি আমাৰ যি ২০ জনকৈ সদস্য থাকে তাতকৈ যদি আমি কমকৈ ভোট পাও তেতিয়াহলে সংখ্যালঘু মৰ্চা ৰখাতকৈ নৰখাই ভাল ৷ তাৰ আধাৰতে আমি এটা সিদ্ধান্ত লৈছো যে হিন্দুয়েই হওক বা খৃষ্টানেই হওক বা ইছলামে ,জৈনেই নহওক কিয় এতিয়াৰে পৰা পোনপটীয়াকৈ বিজেপি কৰিব ৷ সংখ্যালঘু মৰ্চাৰ নামত আমি বিজেপি নকৰাৰ কথা কৈছো আৰু সেই কাৰণে আমি তৎকালীনভাৱে সংখ্যালঘু মৰ্চা ভংগ কৰি দিছো ৷ আগন্তুক দিনত গঠন কৰিবও পাৰে বা নকৰিবও পাৰে আৰু সেই বিষয়টো আমি পৰৱৰ্তী সময়ত চিন্তা-চৰ্চা কৰিম ৷ কেৱল এয়াই নহয় আমি দেখিছো যে হাজাৰ হাজাৰ বুথত আমি কেৱল এককৰ ঘৰত ভোট পাইছো। অৰ্থাৎ আমাৰ ২০ জন সদস্য থকাৰ পিছতো বিজেপিৰ কাৰ্যকৰ্তাই ভোট দিয়া নাই ৷ য'ত বিজেপিৰ কাৰ্যকৰ্তাই ভোট দিয়া নাই ,সেই বুথটো ৰাখি কোনো লাভ নাই৷ গতিকে সেই বুথটো ভাঙিছোৱেই তাৰ উপৰিও আমি যিসকল ৰাজ্যিক বিষয়ববীয়া ,ৰাজ্যিকৰ কাৰ্যনিৰ্বাহক সদস্য,জিলাৰ বিষয়ববীয়া, মণ্ডলৰ বিষয়ববীয়া আছে তেওঁলোকৰো যদি বুথটোত আমি পৰাজিত হৈছো ,তেতিয়াহলে আমি তেওঁলোককো অব্যাহতি দিয়াৰ চিন্তা - চৰ্চা কৰিছো আৰু ইতিধ্যে তেওঁলোকলৈ চিঠি পঠিয়াইছো ৷ আমি বিজেপিয়েই হওক ,অগপই হওক বা ইউ পি পি এলেই হওক মিত্ৰদলে যদি সেই নেতাজনৰ বুথটোত পৰাজিত হৈছো তেতিয়াহলে তেওঁক অব্যাহতি দিয়া হ'ব ৷

নেতা এজন হৈ যদি ২০ টা ভোট নাপায়, তেতিয়াহলে স্বাভাৱিকতে তেনে নেতাৰ প্ৰয়োজন নাই ৷ সেইদৰে ৰাজ্যিক বিজেপিৰ যদি এজন কাৰ্যনিৰ্বাহক নেতা বা বিষয়ববীয়া অথবা জিলাৰ সভাপতি ,সাধাৰণ সম্পাদক হৈ তেওঁ যদি বুথটোত পৰাজিত হ'বলগীয়া হয় তেতিয়াহলে তেওঁ নেতা কেনেকৈ হ'ব ?

Your Comments