বঙাইগাঁও জিলাত বুধবাৰে নতুনকৈ আক্ৰান্ত ৬১ জনৰ বিপৰীতে সুস্থ হৈ উঠিল ৩০৯ জন ক'ৰ'না ৰোগী

*জিলাখনত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ৬৭৪ জন*

#বঙাইগাঁৱৰ প্ৰতিবেদক,১২ মে':

বঙাইগাঁও জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য মতে জিলাখনত বুধবাৰে দুজন ব্যক্তিৰ ক'ভিডত মৃত্যু হয় ৷ ইয়াৰে বঙাইগাঁও চহৰৰ শালবাৰী নিবাসী দীপক বৰুৱা( ৩৭ ) ৰ ল'ৱাৰ আসাম হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ আনহাতে, জিএনআৰচিত চিকিৎসাধীন অৱস্থাত বঙাইগাঁওৰ সম্পত দেৱী আগৰৱালা( ৫৯ ) নামৰ মহিলাগৰাকীৰ বুধবাৰে পুৱা ৯:৫৫ বজাত মৃত্যু হয় ৷ ইপিনে,  জিলাখনত বুধবাৰে পুনৰ নতুনকৈ ৬১ জন ব্যক্তিৰ দেহত ক'ভিড - ১৯ প'জিটিভ ধৰা পৰিছে ৷ ইয়াকে ধৰি জিলাখনত বৰ্তমান ক'ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ৬৭৪ জন হৈছে ৷

আনহাতে, বুধবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ৩০৯ জনকৈ ৰোগী ৷ যিটো এক ভাল খবৰ ৷ কাৰণ, মঙলবাৰে জিলাখনত ক'ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৯২২ জন ৷ কিন্তু বুধবাৰৰ দিনটোত একেলগে ৩০৯ জনকৈ ৰোগী সুস্থ হৈ উঠাত সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস পাইছে ৷জিলাখনত বুধবাৰে মুঠ ২,১৬২ জন ব্যক্তিক ক'ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা বুধবাৰলৈকে মুঠ ক'ভিডত আক্ৰান্ত ব্যক্তিৰ সংখ্যা ১,৭১২ জন ৷ 

 

Your Comments