বকো আৰক্ষীৰ সফল অভিযানত আটক বাইক চোৰ

Pic

#বকোৰ পৰা বিষ্ণু ৰাম দাস,১২ মে':

বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ৰ নেতৃত্বত আৰু বকো আৰক্ষীৰ সহযোগত কালি আবেলি বকো আৰক্ষী থানাৰ অন্তৰ্গত শিংৰাত ৰাইজৰ সহযোগত খেদি খেদি আটক কৰে দুটা বাইক চোৰক। প্ৰাপ্ত তথ্য অনুসৰি এক গোপন সূত্ৰৰ পম খেদি চুৰি মটৰ চাইকেল বিক্ৰী কৰিবলৈ অহাৰ সময়তে আৰক্ষীয়ে ছদ্মবেশত আহি শিংৰাস্থিত নন্দিনী পেট্ৰ'ল ডিপোৰ কাষত ৰাইজৰ সহযোগত আটক কৰে। জানিব পৰা মতে,উত্তৰ ছেখাদাৰী গাওঁৰ মনছেফ আলী আৰু কুদৰত আলী নামৰ চোৰ দুটাই নতুন নম্বৰ প্লেটবিহীন বুলেট আৰু এ এছ - ০১ বি টি - ৭৫৪২ গ্লেমাৰ বাইক দুখন বিক্ৰী কৰিবলৈ আনিছিল। কিন্তু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ উমান পাই পথৰ দাঁতিত বাইক দুখন পেলাই থৈ দৌৰি পলাবলৈ চেষ্টা কৰে।কিন্তু,স্থানীয় ৰাইজে খেদি খেদি আটক কৰি আৰক্ষীক গতাই দিয়ে।

Your Comments