বকো সাহিত্য সভাই স্মৰণ কৰিলে হোমেন বৰগোহাঞিক

Pic

#বকোৰ পৰা বিষ্ণু ৰাম দাস,১২ মে':

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য একাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিয়ে আজি পুৱা ৬ বাজি ৫৮ মিনিটত ইহলীলা সম্বৰণ কৰে। ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ, কথাশিল্পী হোমেন বৰগোহাঞি আছিল অসম সাহিত্য সভাৰ ২০০১ বৰ্ষৰ ডিব্ৰুগড় অধিৱেশনৰ সভাপতি। ৮৯ বছৰীয়া বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত অসম সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰে আৰু অসম সাহিত্য সভাৰ নিৰ্দেশনাত কামৰূপ জিলাৰ বকো সাহিত্য সভাইয়ো স্মৰণ কৰে হোমেন বৰগোহাঞিক। সেই উপলক্ষে বকো সাহিত্য সভা ভৱনৰ প্ৰাঙ্গনত আজি পুৱা সাহিত্য সভাৰ পতাকা অৰ্ধনমিত কৰি মৃতকক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। বকো সাহিত্য সভাৰ সভাপতি সুৰেণ চন্দ্ৰ কলিতাৰ তৎপৰতাত অসম সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক তথা বকো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড: গণেশ্বৰ চহৰীয়াই পতাকা অৰ্ধনমিত কৰে। হোমেন বৰগোহাঞিয়ে মৃত্যুৰ আগমুহূৰ্তলৈকে 'নিয়মীয়া বাৰ্তা' কাকতৰ মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰি আছিল।


   

Your Comments