হাজোৰ কৰিশ্মা ডেকাৰ হত্যাকাণ্ড:হত্যাত জড়িত থকাৰ কথা স্বীকাৰ ঘাটক বিজয় দাসৰ            

Pic

*হত্যাকাৰীক জেল হাজোতলৈ প্ৰেৰণ*
*পুখুৰী সিচি উদ্ধাৰ ঘাটকৰ ডেগাৰ*

#বিশেষ প্ৰতিবেদক,হাজো,১২ মে':

 হাজোৰ মনাহকুছিত যোৱা ১০ মে'ৰ নিশা সংঘটিত লোমহৰ্ষক কৰিষ্মা ডেকাৰ হত্যাকাণ্ডৰ ঘটনাকলৈ অদ্যাপিও অব্যাহত আছে চেপা উত্তেজনা।এই লোমহৰ্ষক হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত স্থানীয় ৰাইজ আৰু কৰিষ্মা ডেকাৰ পিতৃগৃহৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে হাজো আৰক্ষীয়ে ঘটনাৰ নিশাই কৰিশ্মা ডেকাৰ স্বামী বিশ্বজিত ডেকাক আটক কৰাৰ লগতে যোৱা ১১ মে'ত একে গাঁঁৱৰে বিজয় দাস নামৰ এজন যুৱকক আটক কৰিছিল। যিগৰাকী যুৱকে কৰিশ্মা ডেকাৰ সৈতে অবৈধ সম্পৰ্ক ৰাখিছিল বুলি স্থানীয় একাংশ লোকে সন্দেহ প্ৰকাশ কৰি অভিযোগ তুলিছিল। অভিযুক্ত বিজয় দাসে উক্ত লোমহৰ্ষক হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰা নাছিল যদিও আৰক্ষীৰ উপৰ্যুপৰি জেৰাত এখন ডেগাৰৰে কৰিষ্মা ডেকাক নৃশংসভাৱে হত্যা কৰাৰ কথা আৰক্ষীৰ ওচৰত স্বীকৃতিৰোক্তি দিয়ে বুলি জানিব পৰা গৈছে। ঘাটক বিজয় দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে নিশাৰ ভাগতে ৩ নং মনাহকুছিৰ এটি পুখুৰী হোণ্ডা মটৰৰে সিঁঁচি আজি পুৱাৰ ভাগত পুখুৰীটোৰ পৰা হত্যাকাণ্ডত ব্যৱহাৰিত ডেগাৰখন উদ্ধাৰ কৰে আৰু উক্ত হত্যাকাণ্ড যে অভিযুক্ত বিজয় দাসে কৰিছিল,সেই সম্পৰ্কত আৰক্ষী নিশ্চিত হয়। ইপিনে, আজি দিনৰ ভাগত হাজো আৰক্ষীয়ে ঘাটক বিজয় দাসক জেল হাজোতলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে।যোৱা ১০ মে'ৰ নিশা প্ৰায় চাৰে সাত বজাত কোনো দূৰ্বৃত্তই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিছিল এটি কণমানি সন্তানৰ মাতৃক। দূৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আঘাতত ঘটনাস্থলীতে মৃত্যুমুখত পৰিছিল  ৩ নং মনাহকুছিৰ প্ৰয়াত চিৰিশ ডেকাৰ কনিষ্ঠ বোৱাৰী তথা বিশ্বজিত ডেকাৰ পত্নী কৰিশ্মা ডেকা ( ২২)। ঘটনা সন্দৰ্ভত জানিব পৰা মতে,সিদিনা নিশা প্ৰায় চাৰে সাত বজাত স্বামী বিশ্বজিত ডেকা ঘৰৰ পৰা পথৰ ফালে ওলাই গৈছিল।সেই সময়ত পত্নী কৰিশ্মা নিজৰ প্ৰায় চাৰি বছৰীয়া পুত্ৰ সন্তানৰ সৈতে ঘৰতে আছিল। তেনে সময়তে বিদ্যুৎ বিছিন্ন হৈ পৰাত এন্ধাৰৰ সুযোগ বুজি কোনো দুৰ্বৃত্তই ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে কৰিষ্মা ডেকাৰ ডিঙি আৰু হাতত ঘপিয়াই অনাইআসে পলাই গৈছিল। এই ঘটনাৰ প্ৰত্যক্ষদৰ্শী চাৰি বছৰীয়া পুত্ৰ সন্তানৰ কান্দোনত ততালিকে ওচৰ-চুবুৰীয়া আহে যদিও ইতিমধ্যে দূৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আঘাতত কৰিশ্মা ডেকাৰ ঘটনাস্থলীতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছিল। ঘটনাৰ খবৰ পাই নিশাই হাজো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছিল।

Your Comments