মঙ্গল-সঙ্গীতত ভৰি গ’ল পৃথিৱীৰ কাণ, ৰোমাঞ্চিত বিজ্ঞানীসকল

Mars

নাছাৰ এটা দল ফ্ৰেব্ৰুৱাৰীত মঙ্গলত অৱতৰণ কৰিছিল। তেওঁলোকৰ লক্ষ্য আছিল মঙ্গল গ্ৰহৰপৰা মাটি পাথৰ সংগ্রহ কৰি আনি পৰীক্ষা কৰা যাতে যদি তাৰ মাটিত কোনো পুৰণা মাইক্রোবচ্‌ থাকে তেনেহ’লে তাৰ অস্তিত্ব জনা যাব। প্রাথমিক ভাৱে দলটোক লৈ বিজ্ঞানীসকলৰ এটা সঙ্কট সৃষ্টি হৈছিল, কিন্তু সেয়া আঁতৰি যায়। ইয়াৰোপৰি এই অভিযানে নানান ভাৱে নানান তথ্য সৰবৰাহ কৰি মানুহৰ মনত কৌতূহলৰ সৃষ্টি কৰিছিল।

Mars

এইবাৰ জানিবলৈ পোৱা গ’ল মঙ্গলৰ বতাহৰ অস্তিত্বৰ পৰোক্ষ প্রমাণ। দলটোৱে লৈ যোৱা সৰু ইনজেনুইটি নামৰ ৰবটিক হেলিকপ্টাৰখন ঘুৰি ফুৰিছিল মঙ্গলৰ আকাশত। তেতিয়াই তাৰ ব্লেডৰ ঘূর্ণনৰ শব্দ ৰেকর্ড কৰিলে লগত থকা মাইক্রোফোনে আৰু সেই শব্দ মানুহে এই পৃথিৱীত বহিয়েই শুনিলে! স্পেচ্‌ এজেন্সিৰ তৰফৰপৰা এটা অডিঅ’ ট্রেকৰ ফুটেজ প্রকাশ কৰা হৈছে, য’ত মঙ্গলত গৈ পোৱা ৰোটোক্রাফ্টৰ ব্লেড ঘুৰাৰ এই শব্দ শুনা গৈছে!

Ingenuity

কিন্তু মঙ্গলৰ বতাহ আমাৰ গ্রহতকৈ ঘন বাবে তাত সকলো কোলাহল কিছু কমকৈ শুনা পোৱা যায়। এই পৰিস্থিতিত সেই শব্দ যে অলপো শুনা যাব, এই সন্দৰ্ভত কোনো ধাৰণাই নাছিল বিজ্ঞানীসকলৰ ৷ 

Mars

ফ্ৰান্সৰ এক মহাকাশ বিজ্ঞানী দেভিড মাইমোয়েও আচৰিত হৈ কৈছে- 'ই এক অপাৰ বিস্ময়! আমি শুনিছিলো যি মাইক্রোফোন পঠোৱা হৈছে তাৰপৰা কোনো শব্দই সম্ভৱতঃ ৰেকর্ড কৰিব নোৱাৰিব, কাৰণ মঙ্গলৰ বতাহ গধুৰ, শীতল'। 

Mars

মঙ্গলগ্ৰহত বতাহৰ ভৰ দিয়েই উৰিব পাৰিছে 'ইনজেনুইটি'। সেই বতাহতেই ভাঁহি আহিছে তাৰ উৰাৰ শব্দ। যি পাইছেগৈ ৮০ মিটাৰ দূৰৰ ৰোভাৰৰ 'চুপাৰকেম'ত। এই শব্দ আৰু ছবি ধৰি থোৱা হৈছে ৩০ এপ্রিলত। নাছাই শুক্রবাৰে এই ভিডিঅ’ প্রকাশ কৰিছে। মঙ্গলৰ বায়ুমণ্ডলক বুজাৰ ক্ষেত্রত এই শব্দকেই বিজ্ঞানীসকলে 'সোনৰ খনি' হিচাপে আশা কৰিছে।

Mars

উল্লেখ্য, পৃথিৱীত শব্দ য’ত ছেকেণ্ডত ৩৪০ মিটাৰ যায়, শীতল জলবায়ুৰ বাবে (মাইনাছ ৬৩ ডিগ্রী ছেলছিয়াছ) মঙ্গলত শব্দৰ গতি ২৪০ মিটাৰ প্রতি ছেকেণ্ডত। সেই বাবেই বিজ্ঞানীসকল ইমান ৰোমাঞ্চিত হৈ পৰিছে ।

Your Comments