মাতৃ দিৱস উপলক্ষে ’সেৱা’ৰ উদ্যোগত বঙাইগাঁও মানসিক চিকিৎসালয়ৰ মহিলা ৰোগীক সম্বৰ্দ্ধনা

Pic

#বঙাইগাঁৱৰ প্ৰতিবেদক, ৯ মেঃ 

মাতৃ দিৱস উপলক্ষে আজি 
বঙাইগাঁও মানসিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা একৈশ গৰাকী মানসিকভাৱে অসুস্থ মহিলা ৰোগীক 'সেৱা' নামৰ এটা এনজিঅ'ৰ তৰফৰ পৰা সম্বৰ্ধনা জনায় ৷ স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত বঙাইগাঁও মানসিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মানসিকভাৱে অসুস্থ মহিলাসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে ক'ৰ:না ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতা তথা ইয়াৰ প্ৰতিৰোধৰ প্ৰতি  লক্ষ্য ৰাখি তেওঁলোকৰ মাজত  মাস্ক আৰু চেনিটাইজাৰো বিতৰণ কৰে ৷ এই অনুষ্ঠানত স্বেচ্ছাসেৱী সংগঠনটোৰ কাৰ্যকৰী সভাপতি চিত্তৰঞ্জন সিংহ, সাধাৰণ সম্পাদক প্ৰশান্ত ৰায়ৰ লগতে সদস্য সুজিৎ কুমাৰ ৰায়,উত্তম ৰায় আৰু তৰালী উপাধ্যায় উপস্থিত থাকে ৷ 

 

Your Comments