সপ্তাহটোৰ দেওবাৰে বন্ধ থাকিব বঙাইগাঁও জিলাৰ সকলো দোকান-পোহাৰ,ব্যৱসায়িক প্ৰতিষ্ঠান,বজাৰ  

*জিলা প্ৰশাসনৰ ক'ভিড।নতুন নিৰ্দেশনা*

#বঙাইগাঁঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলাত ক'ৰ'না মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পাই অহাত সংক্ৰমণ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনে এতিয়াৰে পৰা সপ্তাহটোৰ দেওবাৰৰ দিনটোত জিলাখনৰ সকলো দোকান- পোহাৰ,ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ৷ অৱশ্যে ফাৰ্মাচী ,হাস্পতাল,ভেটেনাৰী ক্লিনিক খোলা ৰাখিব পাৰিব ৷ আনহাতে, ৰেষ্টুৰাঁ,ধাবা আদিৰ পৰা গ্ৰাহকে খাদ্য সামগ্ৰী নিব পাৰিব আৰু হোম ডেলিভাৰী ৬ বজালৈ দিব পাৰিব ৷ সেইদৰে যিসমূহ হোটেলত গ্ৰাহকে বাহৰ পাতি থাকে, তেওঁলোকে হোটেলতে খাদ্য গ্ৰহণ কৰিব পাৰিব ৷ একেদৰে দেওবাৰৰ দিনা শীতলীকৰণ ভঁৰাল,ৱেৰ হাইচ আদি খোলা ৰাখিব পাৰিব ৷   

ইপিনে,শনিবাৰে জিলাখনত পুনৰ নতুনকৈ ১২২ জন ব্যক্তি ক'ভিড - ১৯ ত আক্ৰান্ত হোৱাটো ধৰা পৰে ৷ ইয়াকে ধৰি জিলাখনত বৰ্তমান ক'ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ৭৬৭ জনলৈ বৃদ্ধি পাইছে ৷ আনহাতে, শনিবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ৫৭ জনকৈ ৰোগী ৷ জিলাখনত শনিবাৰে মুঠ ৩,২৬২ জন ব্যক্তিক ক'ভিড টেষ্ট কৰা হয় ৷ জিলাখন ১ মাৰ্চৰ পৰা শনিবাৰলৈকে মুঠ ক'ভিডত আক্ৰান্ত ব্যক্তিৰ সংখ্যা ১,২৬০ জন ৷ উল্লেখ্য যে ইতিমধ্যে জিলা প্ৰশাসনে জিলাখনৰ সকলো সাপ্তাহিক বজাৰ বন্ধ ঘোষণা কৰাৰ লগতে মাণিকপুৰ ৰাজহ চক্ৰৰ অধীনৰ ভাণ্ডাৰা বজাৰ ,ওচমানি বজাৰ ,বেকাৰ চ'ক বজাৰ আৰু ২ নং বাঁঁশবাৰী দৈনিক বজাৰো বন্ধ ঘোষণা কৰিছে ৷ সেইদৰে, জিলাখনত এঘাৰটাকৈ মাইক্ৰ কণ্টেইনমেণ্ট জ'ন আৰু এটা কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে ৷ ইয়াৰ বঙাইগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত দোলাইগাঁও দ্বিতীয় খণ্ড ,ভাওলাগুৰি, শালবাৰী, বঙাইগাঁও টাউন প্ৰথম খণ্ডৰ বিশাল মেগা মেৰ্টৰ সমীপৰ অঞ্চল, বঙাইগাঁও দ্বিতীয় খণ্ডৰ অল্ড কলনি, বঙাইগাঁও টাউন চতুৰ্থ খণ্ডৰ চাপাগুৰি পথ,দোলাইগাঁও তৃতীয় খণ্ডৰ মাজপাৰা ,নতুনপাৰা, বইটামাৰী ৰাজহ চক্ৰৰ কচুদোলা প্ৰথম খণ্ডত দুটা , সৃজনগ্ৰাম ৰাজহ চক্ৰৰ কীৰ্তনপাৰাত এটা মাইক্ৰ কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাৰ লগতে মাণিকপুৰ ৰাজহ চক্ৰৰ বৰবিলা গাঁৱক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে।

Your Comments