মঙ্গলৰ মাটি চুই ইতিহাস ৰচিলে 'ইনজেনুইটি'য়ে

Ingenuity

মহাকাশবিজ্ঞানৰ গৱেষণাৰ ক্ষেত্রত প্রতিদিনেই নতুন নতুন অৰ্জনে আগুৱাই নিছে মানৱজাতিক। যিদৰে আগুৱাই দিলে নাছাৰ মিনিয়েচাৰ ৰবটে। 

নাছাৰ মিনিয়েচাৰ ৰবট হেলিকপ্টাৰ ইনজেনুইটি-য়ে মঙ্গল পৃষ্ঠত সফল অৱতৰণ কৰিব পাৰিলে। অন্য গ্রহৰ ভূপৃষ্ঠত এয়ে প্রথম এনে ধৰণৰ যানৰ অৱতৰণ।

এই যানখনৰ উৰণৰ সৈতে অৱশ্যে সৰু এটা ইতিহাস জড়িত। এই গ্রহত প্রথম উৰাজাহাজৰ ৰূপকৰ ৰাইট ভ্রাতৃদ্বয়ক শ্রদ্ধা জনায়েই এই উৰণৰ পৰিকল্পনা কৰিছিল নাছাই।

মঙ্গল গ্রহৰ এই সাফল্যই ইয়াৰপিছতো এই ধৰণৰ নতুন অভিযানৰ পথ মুকলি কৰি দিব। নাছাৰ তৰফৰপৰা জনোৱা হৈছে, মঙ্গলৰ এই অভিজ্ঞতা কামত লগাই সৌৰজগতৰ নানা ৰহস্যভেদ সম্ভৱ হ’ব। হয়তো কোনো দিন শুক্ৰ বা শণিৰ উপগ্ৰহ টাইটানৰ ৰহস্যভেদো সম্ভৱ হ’ব।

Your Comments