অসম সাহিত্য সভাই 'নিজৰ দিন' হিচাপে পালন কৰা অসমীয়া নতুন বছৰ তথা ব'হাগৰ প্ৰথম দিনটোত সাহিত্যৰথী সাহিত্য সভা, বতাহঘূলিৰ সভাপতি,সম্পাদক প্ৰমুখ্যে সদস্যসকলে সাহিত্য-সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা তিনিগৰাকী বিশিষ্ট ব্যক্তিক অসম সাহিত্য সভাৰ হৈ নিজ নিজ গৃহতে 'ওলগণি পত্ৰ' আৰু একোখনকৈ বিহুৱানেৰে সন্মান জনায়।
সম্বৰ্ধিত ব্যক্তিসকল হ'ল বিশিষ্ট সমাজকৰ্মী, অসম সাহিত্য সভাৰ আজীৱন সদস্য তথা সাহিত্যৰথী সাহিত্য সভাৰ অন্যতম উপদেষ্টা গগণ চন্দ্ৰ চুতীয়া(৮৭),বিশিষ্ট সমাজকৰ্মী আৰু সাহিত্যপ্ৰেমী চন্দ্ৰকান্ত বৰা(৮৬) আৰু বিশিষ্ট কবিসাহিত্যপ্ৰেমী নৰেন্দ্ৰনাথ বৰুৱা (৮৬) । সম্বৰ্ধনা জনোৱা প্ৰতিনিধি দলটোত আছিল সভাপতি অতুল তামুলী, উপ-সভাপতি ড:পাৰুল গোস্বামী, সম্পাদক যোগেন্দ্ৰ কুমাৰ কলিতা,সহ-সম্পাদক ডা: উপেন কাকতি, পত্ৰিকা সম্পাদক মফিজুদ্দিন আহমদ, ধনভড়ালী ৰাজেন ভট্টাচাৰ্য্য,কাৰ্যনিবাহক সদস্য মৃদু গোস্বামীৰ লগতে ৰুবুল গোস্বামী।
প্ৰতিগৰাকী সম্বৰ্ধিত ব্যক্তিৰ পৰিয়ালে প্ৰতিনিধি দলটোক বিহুৰ পিঠা-পনা আৰু জলপানেৰে আপ্যায়ন কৰে আৰু সাহিত্যৰথী সাহিত্য সভাৰ উষ্ম শলাগ লয় ।
- Log in to post comments
- 87 views