নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ এনএছএছ আৰু শিক্ষক গোটৰ উদ্যোগত "ক'ভিড টিকাকৰণ উৎসৱ" সম্পন্ন

Pic

ভাৰত চৰকাৰে ক'ভিড-১৯ক প্ৰতিহত অথবা নিৰ্মূল কৰিবলৈ ১১-১৪ এপ্ৰিল,২০২১ত 'টিকা উৎসৱ'ৰ আয়োজন কৰিছে।ইয়াৰ লগত সংগতি ৰাখি নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁঁচনি(এনএছএছ)ৰ স্বেচ্ছাসেৱকসকলৰ গোটৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ সদস্যসকলৰ সহযোগত 'টিকাকৰণ উৎসৱ' অনুষ্ঠিত কৰা হয়।

ইয়াৰ অন্তৰ্গত এনএছএছৰ স্বেচ্ছাসেৱকসকল আৰু শিক্ষক গোটৰ সদস্যসকলৰ উদ্যোগত স্থানীয় লোকসকলৰ মাজত টিকাকৰণ সম্বন্ধে সজাগতা আনিবৰ কাৰণে মহাবিদ্যালয় প্ৰাংগণৰ পৰা এটা সজাগতামূলক পথযাত্ৰা উলিয়ায়।লগতে,পাথৰকোৱেৰী অঞ্চলৰ বয়সস্থ লোকসকলৰ মাজত ক'ভিডৰ পৰা হাত সাৰিবৰ কাৰণে টিকাকৰণৰ গুৰুত্ব সম্পৰ্কে সজাগতা অভিযান সম্পন্ন কৰে ।

মহাবিদ্যালয়খনৰ অধ্যক্ষা ৰীতা দত্ত হাজৰিকাই শুভাৰম্ভ কৰা এই পদযাত্ৰা অনুষ্ঠানত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ৰীতা শৰ্মা,ৰাষ্ট্ৰীয় সেৱা আঁঁচনিৰ মহাবিদ্যালয় গোটৰ প্ৰগেম অফিচাৰ ডঃ লখিমী গগৈ,শিক্ষক গোটৰ সম্পাদিকা সুমিত্ৰা ছেত্ৰীৰ লগতে এনএছএছৰ স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰে।

Your Comments