কামৰূপৰ বংশৰত 'আছু'ৰ বিহু কৰ্মশালাৰ সফল সামৰণি 

Pic

#মৃণাল ডেকা,শুৱালকুছি ,১৩ এপ্ৰিল :

অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহু পদুলি মুখ পালেহি ৷ বিহু বুলিয়েই  অসমত  এতিয়া উৎসৱমুখৰ পৰিইৱেশৰ সৃষ্টি কৰিছে ৷ অসমৰ গাৱে-ভুঁঞে এতিয়া কেৱল ৰঙালীক আদৰাৰ ব্যস্ততা ৷ চেনেহৰ ৰঙালী বিহুৰ পৰম্পৰাক আগত ৰাখিয়েই পূব বংশৰ আছুয়ে বংশৰ মিনি ষ্টেডিয়ামত ৮  এপ্ৰিলৰ  পৰা পাঁঁচদিনীয়া কাৰ্য্যসূচীৰ আয়োজন কৰা বিহু নৃত্য আৰু ঢোল বাদন কৰ্মশালাৰ আজি সামৰণি পৰে ৷ পূৱ বংশৰ  আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা বংশৰ শাখা  ছাত্ৰ সন্থা আৰু বংশৰবাসী ৰাইজৰ সহযোগত বংশৰ মিনি ষ্টেডিয়ামত আয়োজন কৰা এই প্ৰশিক্ষণ কৰ্মশালাৰ আজি  সামৰণি অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাসে কয় যে  উঠি অহা নৱ-প্ৰজন্মই যাতে বিহুৰ সৈতে চিনাকি হৈ অসমীয়া জাতি আৰু অসমৰ সংস্কৃতিক জীয়াই ৰাখিব পাৰে,তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ সন্থাই আয়োজন কৰিছিল এই কৰ্মশালাৰ ৷

Pic

তেওঁ লগতে কয় যে  অসমীয়া জাতিৰ পৰিচয় ভাষাৰ পিছতে বিহু। জাতীয় জীৱনৰ সুকীয়া পৰিচয় বিহুৰ মাজতে নিহিত হৈ আছে। সেয়ে বিহুৰ আগমনৰ লগে লগে অসমীয়াৰ মন-প্ৰাণ নকৈ আলোড়িত হৈ উঠে। যুৱ প্ৰজন্মক আহবান জনায় তেওঁ পুনৰ কয় যে পঞ্জাবৰ ভাংৰা নৃত্য সমগ্ৰ বিশ্ব জনাজাত ৷ ঠিক তেনেকৈ নৱপ্ৰজন্মই কৰ্মশালাৰ জড়িয়তে  জাতি আৰু অসমৰ সংস্কৃতিক যাতে জীয়াই ৰাখিব পাৰে তাৰে কামনা কৰে। উল্লেখ যে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় তিনি শতাধিক যুৱক-যুৱতীৰ লগতে শিশুৱে অংশগ্ৰহণ কৰা এই কৰ্মশালাত গীতাঞ্জলি কলিতা, দৃষ্টিপ্ৰিয়া জগত ,মনোজ হালৈ ,  ৰিতুমণি পাটৰ, বিশ্বজিৎ বৈশ্য , দিপাংকৰ মড়ল প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছিল। সামৰণি অনুষ্ঠানত  আছুৰ সহকাৰী সম্পাদক ধৰ্মেশ্বৰ দাসে উপস্থিত থাকি কয় যে বিহুৰ এই প্ৰশিক্ষণে অসমৰ নৱপ্ৰজন্মক অসমীয়া সংস্কৃতিক জীয়াই ৰখাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব বুলিও দৃঢ়তাৰে মন্তব্য কৰে। বিশিষ্ট অভিনেত্ৰী 'জানমণি' খ্যাত শ্যামন্তিকা শৰ্মাই কঅসমীয়া জাতিৰ হিয়াৰ আমঠু বিহুক জীয়াই ৰাখি বিশ্ববাসীৰ ওচৰলৈ অতি নিখুঁতভাৱে লৈ যাবলৈৈ ৰূপায়ণ কৰিবলৈ সদৌটিকে আহ্বান জনায়। সামৰণি অনুষ্ঠানত কামৰূপ আছুৰ সভাপতি ভবজ্যেতি ডেকা , সম্পাদক পংকজ কলিতা , পূব বংশৰ আছুৰ সভাপতি মনোৰঞ্জন দাস, আছু নেতা  তপন বৈশ্য , ৰিংকু নাথ , বিকাংক দাস , ৰাতুল দাস, বিশিষ্ট সমাজকৰ্মী ৰবীন পাঠক , শিক্ষাবিদ কনক দাস ,  ড° ধ্ৰৱজ্যেতি মালাকাৰ আদি উপস্থিত থাকে ৷ এই অনুষ্ঠানতে প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ-পত্ৰ প্ৰদান কৰে উদ্যোক্তা সমিতিয়ে।অনুষ্ঠানটোৰ আঁঁত ধৰে আছু নেতা  ৰাতুল দাসে ৷
 

Your Comments