কুখ্যাত অপৰাধী গফুৰ আলীক গ্ৰেপ্তাৰ কামৰূপ জিলা আৰক্ষীৰ

Pic

কামৰূপ জিলা আৰক্ষীয়ে অৰ্জন কৰিলে অন্য এক গুৰুত্বপূৰ্ণ সফলতা।দেওবাৰে নিশা কামৰূপ জিলা আৰক্ষী আৰু হাজো আৰক্ষীৰ যৌথ অভিযানত হাজোৰ কোঁৱৰপুৰৰ পৰা কুখ্যাত অপৰাধী গফুৰ আলীক আটক কৰে।বিগত দিনত হাজোত কেইবাটাও হত্যাকাণ্ড আৰু অপহৰণ কাণ্ডৰ লগত জড়িত আছিল গফুৰ আলী। অপৰাধমূলক ঘটনাৰ সৈতে জড়িত গফুৰ আলীক হাজোৰ কোঁৱৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

কেইবাটাও হত্যাকাণ্ড আৰু ডকাইতিৰ লগত জড়িত গফুৰৰ বিৰুদ্ধে হাজো থানাত ৰুজু আছিল 705/20 নম্বৰৰ 143/365 IPCৰ অধীনত এটা গোচৰ।কুখ্যাত অপৰাধী আলীৰ লগত জব্দ কৰা হৈছে এখন হুণ্ডাই ছেন্ট্ৰ' গাড়ী।

Your Comments