মহানগৰীত পুনৰ ঘোষণা কৰা হ’ল কন্টেইনমেন্ট জ’ন

Containment zone

অসমত পুনৰ কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হ’ল ৷ কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে গুৱাহাটী মহানগৰীৰ অন্তৰ্গত সোনাপুৰৰ লক্ষ্মীবাই নেচনেল ইনষ্টিটিউট অব ফিজিকেল এডুকেচনৰ চৌহদত কন্টেইনমেন্ট জ’নৰ নিৰ্দেশ ৷

উল্লেখ্য যে,  ৮ এপ্ৰিলৰ পৰা ২১ এপ্ৰিললৈকে ক'ভিড সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি উক্ত চৌহদটোত ঘোষনা কৰা হৈছে কন্টেইনমেন্ট জ’ন । এই সময়চোৱাত সেই অঞ্চলটোত কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব ।

Your Comments