অভিশপ্ত ৩০/১০:ৰঞ্জন দৈমাৰীৰ জামিন নাকচ,অন্য পাঁচজনৰ মঞ্জুৰ

Pic

ৰাজ্য কপোঁঁৱা ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণত জড়িত মূল অভিযুক্ত ৰঞ্জন দৈমাৰীৰ জামিন নাকচ উচ্চ ন্যায়ালয়ৰ।তেওঁৰ উপৰিও অন্য চাৰিগৰাকী ক্ৰমে জৰ্জ বড়ো, অজয় বসুমতাৰী,খৰ্গেশ্বৰ বসুমতাৰী,ৰাজেন্দ্ৰ গয়াৰীৰো জামিন নাকচ কৰে ন্যায়ালয়ে।

ইফালে ঘটনাত অভিযুক্ত অন্য পাঁচজনৰ জামিন মঞ্জুৰ কৰিছে ন্যায়ালয়ে।অনচাই বড়ো, ইন্দ্ৰ ব্ৰহ্ম, বৈশাগী বসুমতাৰী, ৰাজু সৰকাৰ, লাক্ৰা বসুমতাৰীৰ জামিন আবেদন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উল্লেখ যে ২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত দৈমাৰীক ন্যায়ালয়ে আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।কিন্তু ২০২০চনৰ ২৪ জানুৱাৰীত কেন্দ্রৰ সৈতে বিটিআৰ চুক্তিত অংশগ্ৰহণৰ বাবে ৫০হাজাৰ টকাৰ  বিনিময়ত এমাহৰ বাবে জামিন লাভ কৰিছিল।

২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণত ৮৮ গৰাকী নিৰীহ নিহত হোৱাৰ লগতে আহত হৈছিল কেইবাশতাধিক।

সমগ্ৰ ঘটনাটো নিয়াই তদন্ত কৰিছিল।নিয়া আদালত দোষী সাব্যস্ত হৈছিল দৈমাৰী।

Your Comments