হেল্থ চিটী হাস্পতালত ক'ভিডৰ প্ৰথম ড'জ গ্ৰহণ কণ্ঠশিল্পী পাপনৰ

Papan

কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই গ্ৰহণ কৰিলে ক'ৰ'না প্ৰতিৰোধৰ ভেকচিন।গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত বৃহস্পতিবাৰে শিল্পীগৰাকীয়ে গ্ৰহণ কৰে প্ৰথম ড'জ।

উল্লেখ যে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে মুম্বাইৰ পৰা যোৱা ৬ এপ্ৰিলত গুৱাহাটীলৈ আহিছিল পাপন। 

ইফালে,ৰাজ্যত দ্ৰুত হাৰত বৃদ্ধি পাইছে নতুনকৈ ক'ভিড আক্রান্তৰ সংখ্যা।বুধবাৰৰ দিনটোত ১৯৪ গৰাকী নতুনকৈ আক্রান্ত হৈছে ক'ৰ'নাত।তাৰে ভিতৰত গুৱাহাটীতে চিনাক্ত হৈছে ১০৪ গৰাকী ক'ভিড আক্রান্ত।

Your Comments