মঙ্গলৰ মাটি চুলে নাছাৰ হেলিকপ্টাৰে, সবিশেষ জানো আহক

NASA

নির্ধাৰিত সময়ৰ আগতেই মঙ্গলৰ মাটি চুলে নাছাই পঠোৱা হেলিকপ্টাৰে। ফটো পোষ্ট কৰি নিশ্চিত কৰিলে নাছাই । 'ইনজেনুয়িটি' নামৰ সেই হেলিকপ্টাৰ মঙ্গললৈ নাছাই পঠোৱা ৰোভাৰ পাৰচেভেৰেন্সৰ পেটৰ ভিতৰত আছিল। মঙ্গলৰ অজান দিশসমূহ ঘুৰি পকি চাবলৈকে এই আকাশীযানখন পঠিওৱা হৈছে। নাছাৰ জেট প্রপিউলেচন লেবৰেটৰীৰ তৰফৰপৰা শনিবাৰে টুইট কৰি জনোৱা হৈছে প্রায় ২৯৩ মিলিয়ন মাইল (৪৭১ মিলিয়ন কিমি ) যাত্রা কৰি নাছাৰ ৰোভাৰ পাৰচেভেৰেন্সে দেওবাৰে তাৰ পেটৰপৰা ৪ ইঞ্চি (১০ সেমি) তলত ইনজেনুয়িটিক ড্রপ কৰি তাৰ যাত্রা শেষ কৰিছে।

NASA

১১ এপ্রিলত অৱতৰণৰ কথা থাকিলেও সময়ৰ আগতেই মঙ্গলৰ মাটি চুইছে ইনজেনুয়িটিয়ে। পৃথিৱীৰ মাটিতকৈ মঙ্গলৰ মাটিত উৰি যোৱা অধিক কঠিন। ইয়াৰ মাধ্যাকর্ষণ শক্তি পৃথিৱীৰ প্রায় এক-তৃতীয়াংশ। ইয়াৰোপৰি ইয়াৰ বায়ুমণ্ডল পৃথিৱীৰ বায়ুমণ্ডলৰ মাত্র ১ শতাংশ।

NASA

পৃথিৱীৰ তুলনাত মঙ্গলত প্রায় অর্ধেক পৰিমাণৰ সৌৰশক্তি প্রাপ্ত হয়। ৰাতিৰ তাপমাত্রা -১৩০℉ বা -৯০℃ হয়গৈ। ইয়াৰ ভিতৰত থকা হিটাৰ ৪৫ ℉ তাপমাত্রাত ৰাখিলেও  মঙ্গলৰ ৰাতিৰ তাপমাত্রাক লৈ চিন্তাৰ কাৰণ আছে। 

NASA

মঙ্গলৰ পৰিৱেশত উৰিবৰ বাবে এই হেলিকপ্টাৰ অৱশ্যে পাতল ওজনৰ হ’ব লাগিব। মঙ্গলৰ ৰাতিৰ তাপমাত্রাত যান্ত্রিক বিশৃংখলতা যাতে নহয় তাৰ বাবে ইয়াৰ ভিতৰত থকা হিটাৰতো এনার্জি থাকিব লাগিট।

NASA

উল্লেখ্য, ইয়াৰ আগত নাছাৰ বিজ্ঞানীসকলে পৃথিৱীৰপৰা এৰা অন্য কোনো গ্রহত তেওঁলোকৰ ৰোটৰক্রাফট বা ড্রোন হেলিকপ্টাৰ পঠোৱা নাছিল। যদি ইনজেনুয়িটিৰ পৰীক্ষামূলক অভিযান সফল হয় তেতিয়া অহা সময়তো অন্যান্য গ্রহত পৰীক্ষা চলোৱাৰ বাবে যান পঠাব নাছাই।

Your Comments