পত্নী-কন্যাসহ ভোটদান কৰিলে পূব গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই

Pic

ভোটাধিকাৰ সাব্যস্ত কৰিলে পূব গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।পত্নী আৰু কন্যাৰ সৈতে প্ৰাৰ্থীগৰাকীয়ে লাচিতনগৰৰ বিটি কলেজ ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

ভোটাধিকাৰ সাব্যস্ত কৰি দ্বিতীয়বাৰৰ বাবে পূব গুৱাহাটীবাসীয়ে জয়ী কৰাব বুলি মত প্ৰকাশ কৰে প্ৰাৰ্থীগৰাকীয়ে।

"ভবাতকৈ অধিক সঁহাৰি লাভ কৰিছোঁ জনতাৰ।২০১৬চনত নোপোৱা সঁহাৰি পাইছোঁ।ৰাইজৰ হৈ কাম কৰিলে ৰাইজে সমানে মৰম দিয়ে"- ভট্টাচাৰ্য্যই কয়।

পূৰ্বতকৈ অধিক ভোটত জয়ী হ'ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে।

Your Comments